৩১ সংখ্যক আন্ত: মহাবিদ্যালয় সমাৰোহত ৬ শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক আন্ত: মহাবিদ্যালয় সমাৰোহ বৃহস্পতিবাৰৰ পৰা যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মুল চৌহদত অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তত থকা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ে এই সমাৰোহত অংশগ্ৰহণৰ কৰিছে।

author-image
Asomiya Pratidin
New Update
অসম কৃষি বিশ্ববিদ্যালয়ত আন্ত: মহাবিদ্যালয় সমাৰোহ

অসম কৃষি বিশ্ববিদ্যালয়ত আন্ত: মহাবিদ্যালয় সমাৰোহ

ডিজিটেল সংবাদ, যোৰহাট: অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক আন্ত: মহাবিদ্যালয় সমাৰোহ বৃহস্পতিবাৰৰ পৰা যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মুল চৌহদত অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তত থকা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ে এই সমাৰোহত অংশগ্ৰহণৰ কৰিছে। বিশ্ববিদ্যালয়ৰ যোৰহাট চৌহদৰ খেলপথাৰত বৃহস্পতিবাৰে পুৱা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। সমাৰোহৰ উদযাপন সমিতিৰ সাংগঠনিক সম্পাদক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড: বিনয় কুমাৰ মেধিয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত উপাচাৰ্যই শিক্ষাৰ্থী অৱস্থাতে এনে সমাৰোহৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে সামগ্ৰিক উৎকৰ্ষ সাধনৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে বুলি উল্লেখ কৰে।

Advertisment

 পতাকা উত্তোলন আৰু শিখা প্ৰজ্বলনেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানতে মহাবিদ্যালয়ৰ সমূহৰ মাৰ্ছপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে উপাচাৰ্য সমন্বিতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক,স্নাতকোত্তৰ শিক্ষা সঞ্চালকৰ লগতে মহাবিদ্যালয় কেইখনৰ বিজ্ঞান গুৰু, সহযোগী বিজ্ঞান গুৰু সকলে। ৬ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চাৰিদিনীয়া সমাৰোহৰখনত সৰ্বমুঠ ৫৩ টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমাৰোহ উদযাপন সমিতিৰ সভাপতি ড: চন্দন হাজৰিকাই শলাগ জ্ঞাপন কৰা শুভাৰম্ভণি অনুষ্ঠানতে মাৰ্চপাৰ্ছ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা উত্তৰ লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, দ্বিতীয় স্থান লাভ কৰা খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু তৃতীয় স্থানপ্ৰাপ্ত যোৰহাট কৃষি মহাবিদ্যালয়ক পুৰস্কাৰ প্ৰদান কৰা হয়।

aau agriculture university agricultural university