অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিনৱ পদক্ষেপঃ ১২ হাজাৰ গ্ৰন্থ বিনামূলীয়াকৈ বিতৰণ…

অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিনৱ পদক্ষেপঃ ১২ হাজাৰ গ্ৰন্থ বিনামূলীয়াকৈ বিতৰণ…

author-image
asomiyapratidin
New Update
অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিনৱ পদক্ষেপঃ ১২ হাজাৰ গ্ৰন্থ বিনামূলীয়াকৈ বিতৰণ…

ডিজিটেল সংবাদ যোৰহাটঃ 'সময়ৰ দিশেৰে পুৰণি হলেও বিষয়বস্তুৰ ফালৰ পৰা বহুবোৰ কিতাপ অমূল্য ।কিতাপৰ প্ৰয়োজনীয়তা সকলোৰে বাবে সময়সাপেক্ষে আৰু স্থানসাপেক্ষে বেলেগ বেলেগ । সঠিক স্থানত নতুন গ্ৰন্থক ঠাই দিবৰ বাবে বহুসময়ত পুৰণা গ্ৰন্থৰ স্থান সলনি কৰিবলগীয়া হয় ।কিন্তু এই স্থানান্তৰে পুৰণি গ্ৰন্থৰ প্ৰয়োজনীয়তা নোহোৱা নুবুজায়।'- অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত কেন্দ্ৰীয় গ্ৰন্থাগাৰত সোমবাৰৰ পৰা কৃষি বিজ্ঞানৰ বহু মুল্যবান পুৰণি গ্ৰন্থৰ বিতৰণ উপলক্ষে আয়োজিত অনুষ্ঠানত এই মত ব্যক্ত কৰে বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই ।

ৰেভাৰেণ্ড বি এম পিউ কেন্দ্ৰীয় গ্ৰন্থাগাৰত আয়োজিত এই অনুষ্ঠানত অগতানুগতিক কাৰ্যসূচী সম্পৰ্কত বক্তব্য ৰাখি চিফ লাইব্ৰেৰীয়ান ড° চন্দন হাজৰিকাই কয় যে, 'আমাৰ পুথিভৰালত এনে বহু কিতাপ আছিল যিসমূহ বছৰ বছৰ ধৰি পাঠকৰ হাতত নপৰাকৈয়ে একপ্ৰকাৰ পুৰণা হৈছিল । সেইসমূহৰ ভিতৰত বহুতো আন্তঃৰাষ্ট্ৰীয় লেখকৰ গ্ৰন্থ আৰু গৱেষণাধৰ্মী মূল্যবান গ্ৰন্থও আছে । এনে গ্ৰন্থৰ সংখ্যাধিক্যতাৰ বাবে আৰু নতুনকৈ বহু গ্ৰন্থৰ অন্তৰ্ভুক্তিৰ বাবে এই বিনামূলীয়া বিতৰণ কাৰ্যসূচী হাতত লোৱা হৈছে ।

উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ ষ্টক ৰেক্টিফিকেশ্যন কমিটিৰ অনুমোদনৰ ভিত্তিত এই প্ৰায় ১২ হাজাৰ গ্ৰন্থ বিনামূলীয়াকৈ বিশ্ববিদ্যালয়ৰ গৱেষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ বাবে বিনামূলীয়া বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ২০২০ বৰ্ষৰ মাজভাগত কোভিডকালীন জটিল সময়তে বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভৰালৰ বিষয়া কৰ্মচাৰীসকলে এই গ্ৰন্থসমূহ বাঁচনি কৰি উলিয়াইছিল । গ্ৰন্থ সমূহৰ ভিতৰত কৃষি , মীনপালন, পশুপালন,উদ্যান শস্য, ৰেচম, সামূহিক বিজ্ঞান আদি কৰি কৃষি বিজ্ঞান আৰু আনুষংগিক ক্ষেত্ৰৰ মূল্যবান গ্ৰন্থ সন্নিবিষ্ট হৈছে ।

সোমবাৰৰ পৰা ষ্টক থকালৈকে বিতৰণৰ বাবে মুকলি থাকিবলগীয়া এই কাৰ্যসূচীৰ আৰম্ভনি অনুষ্ঠানত ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা , সামূহিক বিজ্ঞানগুৰু ড° ডেইজী হাজৰিকা , অধ্যাপক ড° সমীন্দ্ৰ বৈশ্য, ড° ৰমেন শৰ্মা , ড° বিনীতা বৈশ্য, ড° বসন্ত বৰা ,ডেপুটী লাইব্ৰেৰীয়ান হেমন্ত কুমাৰ গোঁহাইৰ লগতে লাইব্ৰেৰী বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ।