আৰম্ভ হ'ল 'অসমতো কেজৰিৱাল' কাৰ্যসূচী

গুৱাহাটী লোকসভা সমষ্টিত দেওবাৰৰ পৰা আৰম্ভ হ'ল "অসমতো কেজৰিৱাল" কাৰ্যসূচী ।

author-image
Asomiya Pratidin
New Update
আৰম্ভ হ'ল 'অসমতো কেজৰিৱাল' কাৰ্যসূচী

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী লোকসভা সমষ্টিত দেওবাৰৰ পৰা আৰম্ভ হ'ল "অসমতো কেজৰিৱাল" কাৰ্যসূচী । মহানগৰীৰ বশিষ্ঠ চাৰিআলিস্থিত শিশু উদ্যান প্ৰাংগনত বহু সংখ্যক দলীয় নেতা-কৰ্মীৰ উপস্থিতিত আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ মুৰব্বী ডাঃ ভবেন চৌধুৰীয়ে মুকলি কৰে ১০ দিনীয়া দলীয় কাৰ্যসূচী। অসমতো কেজৰিৱাল কাৰ্যসূচীৰ জড়িয়তে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰৰ কাষ চপাৰ অভিযান আৰম্ভ কৰে অসম ৰাজ্যিক আম আদমী পাৰ্টিয়ে।

Advertisment

দলৰ ৰাজ্যিক কমিটিৰ মুৰব্বী ডাঃ ভবেন চৌধুৰীয়ে অসমতো কেজৰিৱাল কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পূৰ্বে দলৰ জ্যেষ্ঠ মুখপাত্ৰ ড০ অনুৰূপা ডেকা ৰজা আৰু মিডিয়া কোষৰ মুৰব্বী জয়ন্ত কুমাৰ কলিতাই ভাষণ প্ৰদান কৰে। সমাগত লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত আম আদমী পাৰ্টিৰ সপক্ষে ৰায়দান কৰিবলৈ তেওঁলোকে আহ্বান জনায়।

Also Read: শিলচৰৰ এচ এম দেব চিভিল হাস্পতাল‌ পৰিদৰ্শন ৰাজ্যপালৰ কাটাৰিয়াই

assam arvinda kejriwal aap assam