/asomiyapratidin/media/media_files/2025/02/05/43hZAqAtJ1u6x1Tfe17i.jpg)
ডিজিটেল ডেস্কঃ বিতৰ্ক শেষ হোৱা নাই অসম সাহিত্য সভাৰ। সভাৰ ৭৭ সংখ্যক পাঠশালা অধিবেশন অন্ত পৰিল যদিও এতিয়াও বঁটা প্ৰদান, বঁটা প্ৰদানৰ বাবে গ্ৰন্থ নিৰ্বাচনকে ধৰি একাধিক বিষয়ত বিতৰ্ক অব্যাহত আছে।
এইবাৰ পোহৰলৈ আহিছে অসম সাহিত্য সভাৰ মঞ্চত ৰাজ্যৰ এগৰাকী প্ৰসিদ্ধ লোক গীতৰ শিল্পীক অসন্মান কৰাৰ তথ্য। সভাত লোক গীত পৰিবেশন কৰিবলৈ মাতি আনি আধাতে অনুষ্ঠান সামৰিবলৈ বাধ্য কৰাৰ লগতে লোক গীতৰ শিল্পী হোৱাৰ বাবেই এখন গামোচা আগবঢ়াবলৈয়ো সামান্য সৌজন্যতা নেদেখুৱালে অসম সাহিত্য সভাই।
এই মুকলি অভিযোগ কৰিছে লোক গীতৰ প্ৰসিদ্ধ শিল্পী প্ৰণিতা বৈশ্য মেধিয়ে। তেওঁ অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনত তেওঁক কিদৰে অপমান কৰা হ'ল সেই বিষয়ে মুকলিকৈ সামাজিক মাধ্যমত লিখিছে।
অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনলৈ গীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা পত্ৰখন সামাজিক মাধ্যমত আপলোড কৰি শিল্পীগৰাকীয়ে অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিবেশনৰ মঞ্চত গীত পৰিবেশন কৰিবলৈ গৈ অপমানিত হ'লো বুলি উল্লেখ কৰিছে।
তেওঁ সামাজিক মাধ্যমত লিখিছে, যোৱা ৩ ফেব্ৰুৱাৰীত অনুষ্ঠানৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগেম আছিল। কিন্ত মঞ্চত দ্বিতীয় গীতটো গাই শেষ কৰি তৃতীয় গীত আৰম্ভ কৰোতেই সাংস্কৃতিক কৰ্মী (সোনমণি চৌধুৰী) নামৰ লোক এজনে পিছৰ ফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে।
তেতিয়া মঞ্চত মই খুব দুখ পালো আৰু অপমানিত হ'লো। মোৰ প্ৰথম অনুষ্ঠান আছিল। অন্য শিল্পী বিলাকক যিদৰে সন্মান জনাই, মোৰ ক্ষেত্ৰত কিন্তু এখন গামোচাৰ যোগ্য নহলো। লোকগীতৰ শিল্পী হোৱা বাবে আমাক অপমানিত কৰিলে নেকী? যদি এনেকুৱা মানসিকতা হয় তেতিয়াহলে আমাক মাতি নি অপমানিত কৰিব নালাগিছিল। মই খুব দুখ পাইছো অন্তৰত যদি এনেকুৱা মানসিকতা হয় আমি শিল্পী সকল কেনেদৰে জীয়াই থাকিম?