Advertisment

অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰাপক বৰ্ণালী শইকীয়ালৈ বিভিন্ন জনৰ অভিনন্দন

গহপুৰৰ বৰ্ণালী শইকীয়াই অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত "অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা" লাভ কৰাত তেওঁক বিভিন্ন জনে জনাইছে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰাপক বৰ্ণালী শইকীয়ালৈ বিভিন্ন জনৰ অভিনন্দন

ডিজিটেল সংবাদ, ছয়দুৱাৰ: অসমৰ সাহিত্যৰ ক্ষেত্ৰখনলৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা গহপুৰৰ পুৰূপবাৰীৰ লেখিকা, সাহিত্যসেৱী বৰ্ণালী শইকীয়াই অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনত "অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা" লাভ কৰাত তেওঁক বিভিন্ন জনে জনাইছে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। ২০২৪ চনৰ ৫ ছেপ্তেম্বৰত প্ৰকাশ পোৱা বৰ্ণালী শইকীয়াৰ তথ্য সমৃদ্ধ গ্ৰন্থ ''৪২'ৰ শ্বহীদ কনকলতা বৰুৱা আৰু অন্যান্য'' শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁক প্ৰদান কৰা হয় এই বঁটা।

Advertisment

উল্লেখযোগ্য যে কাব্য-সাহিত্যৰ চৰ্চাৰ মাধ্যমেৰে ভাষা আৰু জাতিক আগুৱাই নিবলৈ নিৰলসভাবে সেৱা আগবঢ়াই অহা এগৰাকী নিষ্ঠাবান কবি, গল্পকাৰ, সাহিত্য সেৱী আৰু লেখিকা বৰ্ণালী শইকীয়াই তেওঁৰ যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত উক্ত বঁটাৰে সন্মানিত হোৱাত তেওঁক গহপুৰৰ জ্যেষ্ঠ সাংবাদিক, কবি, সাহিত্যিক নগেন কোঁৱৰ, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজা, সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভুৱন শইকীয়া, বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ গগৈ, সাধাৰণ সম্পাদক শোভন চন্দ্ৰ শইকীয়া, চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ সভাপতি বীৰেণ কাথ হাজৰিকা, সুৰভি সাহিত্য সমাজৰ প্ৰাক্তন সম্পাদক সিদ্ধেশ্বৰ হাজৰিকা, সাহিত্যিক, লেখিকা বৰ্ণালী কটকী ওজা, গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ উপদেষ্টা ভাস্কৰ জ্যোতি ভূঞা, সাধাৰণ সম্পাদক বিপ্লৱ নেওগ,যুৱ সমাজকৰ্মী অজয় আগৰৱালা,নাট্যকাৰ,শিক্ষাবিদ দিলীপ কুমাৰ শৰ্মা,যুৱ সাংবাদিক,কবি বিপুল কুমাৰ দিহিঙীয়া, চাওচেঙৰ সভানেত্ৰী বিজুমণি বৰা, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লোকেশ্বৰী সন্দিকৈ প্ৰমুখ্যে বিভিন্ন ব্যক্তি আৰু দল সংগঠনে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

গহপুৰ মহকুমাৰ গহপুৰ নগৰৰ পুৰুপবাৰী নিবাসী, প্ৰতিষ্ঠিত ব্যৱসায়ী অজিত বৰাৰ পত্নী বৰ্ণালী শইকীয়াই নিষ্ঠা আৰু সততাৰে অব্যাহত ৰখা কাব্য-সাহিত্যৰ চৰ্চাৰ মাধ্যমেৰে সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ, আকাংক্ষা, মৰম-অত্যাচাৰ আদিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে এক ইতিবাচক পদক্ষেপ। ছাত্ৰী অৱস্থাৰ পৰা কাব্য-সাহিত্যৰ প্ৰতি অধিক ৰাপ থকা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ বৰ্ণালী শইকীয়াই  প্ৰথমে একাধিক অসমীয়া দৈনিক বাতৰি কাকতত বিভিন্ন লেখা প্ৰকাশ কৰি নিজৰ প্ৰতিভা ফুটাই তুলিছিল।

ইয়াৰ পিছতে তেওঁ লিখিবলৈ লয় ইটোৰ পিছত সিটোকৈ কবিতা আৰু গল্প। বৰ্ণালী শইকীয়াৰ কলমৰ পৰশত প্ৰাণ পাই উঠা কবিতাই শতক অতিক্ৰম কৰাৰ লগতে অণুগল্প, কথা গল্প আৰু গল্পৰ সংখ্যাই ছয় শতাধিক অতিক্ৰম কৰিছে। তেওঁৰ বিভিন্ন কবিতা,গল্প,কথা গল্প,অণুগল্প, প্ৰবন্ধ আদি একাধিক দৈনিক কাকত আৰু বিভিন্ন আলোচনীত প্ৰকাশ পোৱাৰ লগতে কিতাপ আকাৰেও প্ৰকাশ পাইছে।

২০২১ চনত বৰ্ণালী শইকীয়াৰ দুখন কিতাপ প্ৰকাশ পায়। ইয়াৰে প্ৰথমখন হ'ল অণুগল্প "অণুগল্পৰ ৰামধেনু" আৰু দ্বিতীয়খন হ'ল গল্প পুথি "প্ৰতিকৃতি"। ইয়াৰ পিছত ২০২২ চনত শিশু উপযোগী দুখন অণুগল্প ক্ৰমে "ৰং ৰং নানা ৰং" আৰু "জিলিঙনি" প্ৰকাশ পায়।

বৰ্ণালী শইকীয়াৰ এই চাৰিখন কিতাপেই বিশেষ সমাদৰ লাভ কৰে পাঠক সমাজৰ মাজত। ২০২৪ চনৰ ১৮ জানুৱাৰীত বৰ্ণালী শইকীয়াৰ "চিনাকি মাটিৰ সুবাস" নামেৰে আন এখন গ্ৰন্থ প্ৰকাশ পায়। ইয়াৰ উপৰিও বৰ্ণালী শইকীয়াই কেইবাখনো উপন্যাস, গল্প আৰু কবিতা পুথি প্ৰকাশৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই থকা বুলি অসমীয়া প্ৰতিদিনক জানিবলৈ দিছে।

কাব্য-সাহিত্যক সমাজৰ দাপোন বুলি অনুধাৱন কৰি কাব্য-সাহিত্যৰ পথাৰখনত নিষ্ঠা সহকাৰে মনোনিৱেশ কৰা বৰ্ণালী শইকীয়া "অসমীয়া গদ্য চৰ্চা" আৰু ডিজিটেল মাধ্যম "অসমীয়া সাহিত্য চৰ্চাৰ পথাৰ" পৃষ্ঠাৰ নিয়মীয়া লেখিকা। "পথাৰ" নামৰ দুখন ই-মেগাজিন সম্পাদনা কৰাৰ অভিজ্ঞতা থকা বৰ্ণালী শইকীয়াই কাব্য-সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়াই অহা আন্তৰিক সেৱাৰ বাবে ২০২০ আৰু ২০২১ চনত "কুঁহিপাত সাহিত্য সৌৰভ" সন্মান, ২০২২ চনত "নেৱকাছ"ৰ "সাহিত্য সুৰভি" সন্মান আৰু চিত্ৰবন শাখা সাহিত্য সভাৰ "কৃতজ্ঞতা পত্ৰ" আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ পৰা "অভিনন্দন পত্ৰ" লাভ কৰিবলৈ সক্ষম হৈছে।

বিহু মঞ্চৰ এগৰাকী বিচাৰক হিচাপেও সু-পৰিচিত বৰ্ণালী শইকীয়া অসম সাহিত্য সভাৰ আজীৱন সদস্য।গহপুৰ কবি কানন, সদৌ অসম কবি চক্ৰকে ধৰি বিভিন্ন কাব্য আৰু সাহিত্য অনুষ্ঠানৰ সৈতে নিবীড় ভাবে জড়িত হৈ নিৰলসভাবে কাব্য-সাহিত্যৰ চৰ্চা কৰি আহিছে তেওঁ।

গহপুৰ অসম সাহিত্য সভা