অসম লেখিকা সমাজৰ মাতৃ দিৱস উদযাপনৰ কাৰ্যসূচী স্থগিত...

অসম লেখিকা সমাজে মৰিগাওঁ জিলাৰ জাগীৰোডত ১১ মে'ত অনুষ্ঠিত কৰিবলৈ লোৱা মাতৃ দিৱসৰ কাৰ্যসূচী আৰু বঁটা প্ৰদানৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে।

author-image
Tushar Pratim
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ অসম লেখিকা সমাজে মৰিগাওঁ জিলাৰ জাগীৰোডত অনুষ্ঠিত কৰিবলৈ লোৱা মাতৃ দিৱসৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে। আজি এই সম্পৰ্কে অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈ আৰু প্ৰধান সম্পাদক বৰ্ণালী দত্ত বৰাই স্বাক্ষৰ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয় যে, আজি গুগল মীচ যোগে বিয়লি ৪.৩০ বজাত অসম লেখিকা সমাজৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই সভাত দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত খৰচি মাৰি আলোচনা কৰা হয় আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

Advertisment

সভাৰ আৰম্ভণিতে দেশৰ হকে জীৱন উছৰ্গা কৰা জোৱানসকলৰ প্ৰসি সশ্ৰদ্ধ প্ৰণাম জনাই তেখতসকলৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। আজিৰ সভাই দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ১১ মে’, ২০২৫, দেওবাৰে মৰিগাওঁ জিলা লেখিকা সমাজৰ সহযোগত জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত উদযাপিত হ’ব লগা মাতৃ দিৱস স্থগিত ৰখাৰ সিদ্ধান্ত লয়। 

দেশৰ পৰিবেশ পৰিস্থিতি অনুকূল হ’লে ১১ মে’ ২০২৫ তাৰিখৰ মুকলি সভাত প্ৰদান কৰিবলৈ মনস্থ কৰা সফল মাতৃ বঁটা আৰু প্ৰেৰণাময়ী মাতৃ বঁটা সমূহ পৰৱৰ্তী সময়ত সভা অনুষ্ঠিত কৰি মাতৃসকলক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শলাগৰ শৰাইৰে সামৰণি পৰা আদিপ সভাখন আঁত ধৰে প্ৰধান সম্পাদক বৰ্ণালী দত্ত বৰাই। 

 

জাগীৰোড অসম লেখিকা সমাজ