/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e2777ecc-0325-436c-8186-773225bdaf0d/w6.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ অহা ৫, ৬ আৰু ৭ মে'ত যোৰহাটস্থিত ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহৰ এখনি প্ৰস্তুতি সভা শুকুৰবাৰে অনুষ্ঠি হয়। যোৰহাট জিলাৰ তাৰকাগৃহৰ সভাকক্ষত অনুষ্ঠিত বিশেষ সভাত সভাপতিত্ব কৰে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আদৰণি সমিতিৰ সম্পাদক সৌৰভ বৰাই। সভাখনিত ৰাজ্যিক সমাৰোহৰ বিভিন্ন উপ-সমিতিসমূহৰ কামৰ অগ্ৰগতিৰ বুজ লয় কেন্দ্ৰীয় সমিতিয়ে।
উল্লেখ্য যে অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহৰ প্ৰায়বোৰ কামৰ অগ্ৰগতিৰ সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰে অসম জাতীয় বিদ্যালয়ৰ পৰা অহা কেন্দ্ৰীয় দলটোৱে। সভাখনিত অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধি,ৰবীন্দ্ৰ বৰ্মন,নৱজ্যোতি তালুকদাৰ,সমন্বয়ক অসীম কৃষ্ণ বৰুৱা আৰু কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে অংশ গ্রহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c19ce21f-72bb-40a4-9208-22c45b74e907/5e9c6793_61cb_43ce_8555_fff2dc35ff8e.jpg)
Also Read: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অশ্বিনৰ স্পীন যাদু