/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c89d0674-4d62-4cfc-b017-7d4cc847d42c/ASL_27.jpg)
ডিজিটেল ডেস্কঃ ২৬ এপ্ৰিল, শুকুৰবাৰে এ এছ এল ক্লাব কলকাতাৰ উদ্যোগত অসমীয়া সাহিত্যৰ কাণ্ডাৰী, 'ভানুমতি'ৰ স্ৰষ্টা তথা এ এছ এল ক্লাবৰ অন্যতম গুৰিধৰোঁতা ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱা দেৱৰ ৭৮ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে অসম ভৱন ছল্ট লেকত এখনি সোঁৱৰণী সভা আয়োজিত কৰা হয়। সভাৰ আৰম্ভণিতে পদ্মনাথ গোহাঞি বৰুৱাদেবৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰি অধ্যক্ষা ৰেখা চলিহা বাসুয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইয়াৰ পিছতেই ক্লাবৰ সদস্যসকলে ক্লাবৰ প্ৰতিকী গীত সমবেত কন্ঠত পৰিবেশন কৰে। প্ৰকাশ আচাৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাৰ নিৰ্দিষ্ট বক্তা আছিল ক্লাবৰ উপ সভাপতি, সাহিত্যিক হেমেন্দ্ৰ ভট্টাচাৰ্য আৰু ক্লাবৰ সদস্যা সু-সাহিত্যিক ৰেনুকা নন্দা হাজৰিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/fc74c22e-f437-4c70-8876-f1dd761574b0/0f4843e7_7e29_4ab8_9138_e157dae5bdb1.jpg)
হেমেন্দ্ৰ ভট্টাচাৰ্য দেৱে তেখেতৰ বক্তব্যত অসমীয়া ভাষা সাহিত্যৰ প্ৰসাৰত গোহাঞি বৰুৱা দেৱৰ প্ৰথম কৰ্মভূমি কলিকতা বুলি উল্লেখ কৰি বিজুলী আলোচনীৰ সম্পাদনা বংগৰ ভূমিৰ পৰাই কৰা বুলি দৰ্শাই। ৰেনুকানন্দা হাজৰিকাই গোহাঞিবৰুৱা দেৱৰ সমূহ অসমীয়া লেখনিৰ বিষয়ে আলোকপাত কৰে।
সভাত উপস্থিত থাকে গোহাঞিবৰুৱা দেৱৰ নাতিনী পিকু ছাহা, বিশিষ্ট লেখিকা নৱমালতী নেওগ চক্ৰবৰ্তী আৰু বহু বৰেণ্য ব্যক্তি। লেখিকা নৱমালতী নেওগ চক্ৰৱৰ্তীয়ে ভানুমতি উপন্যাসখনৰ চৰিত্ৰায়ণৰ ওপৰত আলোকপাত কৰে। পিকু সাহাই পদ্মনাথ গোহাঞিবৰুৱা দেৱৰ সাংস্কৃতিক দিশৰ বিষয়ে জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/85c7af5e-9db0-4dcd-99ba-9ac1be725e85/92561dd9_39c7_42dc_952a_fa330e7a1a4e.jpg)
উল্লেখযোগ্য যে, পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ নাতিনী পিকু সাহাই এতিয়াও এ এছ এল ক্লাবৰ সেৱাত ব্ৰতী হৈ আছে। গোহাঞি বৰুৱাৰ অন্যগৰাকি নাতি মৃগেন গোহাঁয়ে তেখেতৰ সন্দৰ্ভত প্ৰেৰণ কৰা বাৰ্তা পাঠ কৰে ক্লাবৰ সদস্য ৰীনা আচাৰ্যই।
সাংস্কৃতিক অনুষ্ঠানত ৰুনু বৰঠাকুৰ আৰু ৰাণী ভট্টাচাৰ্যই গীত আৰু মিতা মিত্ৰ আৰু হিমনিচ কাশ্যপে ৰবীন্দ্ৰ নৃত্য প্ৰদৰ্শন কৰে। ক্লাবৰ সম্পাদক ৰমেন কুমাৰ শৰ্মাই সভাখন সঞ্চালনা কৰে আৰু উপ-সভাপতি দীপক গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়।
Also Read: কচুৱাৰ মাখনগাঁৱত কৰুণ ঘটনাঃ চাৰি সন্তানৰ মাতৃৰ বিষ খাই আত্মহত্যা...