৫০হাজাৰ কোটি টকা বিনিয়োগেৰ এছিয়াৰ সবাতোকৈ বৃহৎ ডাটা চেন্টাৰ স্থাপন কৰিব গুগলে...

এছিয়াৰ ভিতৰতে সবাতোকৈ বৃহৎ ডাটা চেন্টাৰ স্থাপন কৰিব গুগলে। ইয়াৰ ক্ষমতা হ'ব ১ গিগাৱাট। সম্প্রতি দেশত কার্যক্ষম হৈ থকা সর্ববৃহৎ ডাটা চেপ্টাৰৰ মুঠ ক্ষমতা হৈছে ১.৪ গিগাৱাট। এটা

author-image
Asomiya Pratidin
New Update
rtrrr

ডিজিটেল ডেস্কঃ এছিয়াৰ ভিতৰতে সবাতোকৈ বৃহৎ ডাটা চেন্টাৰ স্থাপন কৰিব গুগলে। ইয়াৰ ক্ষমতা হ'ব ১ গিগাৱাট। সম্প্রতি দেশত কার্যক্ষম হৈ থকা সর্ববৃহৎ ডাটা চেপ্টাৰৰ মুঠ ক্ষমতা হৈছে ১.৪ গিগাৱাট। এটা সূত্রত প্রকাশ পোৱা অনুসৰি গুগলে এই সর্ববৃহৎ ডাটা চেন্টাৰটো স্থাপনৰ বাবে প্রায় ৫০ হেজাৰ কোটি টকা বিনিয়োগ কৰিব।

ইয়াত ১৬ হেজাৰ কোটি টকাৰে নবীকৰণযোগ্য শক্তিৰ উৎপাদন ক্ষমতা সংযোগ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে ডাটা চেণ্টাৰটোৰ বিদ্যুৎ শক্তিব প্রয়োজনীয়তা পূবণ কৰা হ'ব। যোৱা এপ্রিলতে গুগলৰ মুৰব্বী প্রতিষ্ঠান এলফাবেটে ঘোষণা কৰি কৈছিল যে প্রতিষ্ঠানটোবে চলিত বর্ষতে বিশ্বজুৰি ডাটা চেন্টাৰৰ ক্ষমতা বৃদ্ধিৰ উদ্দেশ্যে ৬.২৫ লাখ কোটি টকা ব্যয় কৰিব।

অন্ধ্রপ্রদেশৰ তথ্য-প্রযুক্তি দপ্তৰৰ মন্ত্রী  নাৰা লোকেশে জনায় যে বিশাখাপট্টনমত তিনিটা কেব্ল লেন্ডিং ষ্টেচনো নির্মাণ কৰা হ'ব। ইয়াৰ জৰিয়তে দ্রুত গতিৰ ডাটা ট্রেন্সফাৰ কৰাত সহায়ক হ'ব। ইতিমধ্যে ৰাজ্যখনত ১.৬ গিগাবাট ক্ষমতাৰ ডাটা চেণ্টাৰৰ বিনিয়োগৰ প্রস্তাবত অনুমোদন জনোৱা হৈছে। পৰৱৰ্তী ৫ বছৰৰ ভিতৰত ৬ গিগাৱাট ক্ষমতাৰ ডাটা চেন্টাৰ সাজু কৰাৰ লক্ষ্য লৈছে অন্ধ্র প্রদেশে।

গুগল