সমাগত লোকসভা নিৰ্বাচন : অৰুণাচল প্ৰদেশৰ প্ৰভাৰীৰ দায়িত্বত অশোক সিংহল

ঘোষণা অনুসৰি উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে দায়িত্ব দিয়া হৈছে বৈজয়ন্ত পাণ্ডাক
সমাগত লোকসভা নিৰ্বাচন : অৰুণাচল প্ৰদেশৰ প্ৰভাৰীৰ দায়িত্বত অশোক সিংহল

ডিজিটেল ডেস্ক : সমাগত লোকসভা নিৰ্বাচনলৈ প্ৰস্তুতি দ্ৰুত কৰি তুলিছে শাসনাধিষ্ঠিত বিজেপিয়ে। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই ২৩খন ৰাজ্য-কেন্দ্ৰীয়শাসিত এলেকাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও নেতাক নিৰ্বাচনী প্ৰভাৰী তথা তত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰিছে।

ঘোষণা অনুসৰি অৰুণাচল প্ৰদেশৰ বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে দায়িত্ব দিয়া হৈছে অসমৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী অশোক সিংহলক। ছিক্কিমৰ দায়িত্ব দিয়া হৈছে দিলীপ জয়ছোৱালক।

আনহাতে ঘোষণা অনুসৰি উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে দায়িত্ব দিয়া হৈছে বৈজয়ন্ত পাণ্ডাক। কেৰেলাত প্ৰকাশ জাভেড়কাৰ, তামিলনাডুত অৰবিন্দ মেনন, কৰ্ণাটকত ৰাধা মোহন দাস পাণ্ডে, মধ্যপ্ৰদেশত মহেন্দ্ৰ সিং আৰু সতীশ উপাধ্যায়, পঞ্জাৱত বিজয় ৰূপাণী, বংগত মংগল পাণ্ডে, হিমাচল প্ৰদেশত শ্ৰীকান্ত শৰ্মা। ইফালে বিহাৰত বিনোদ তাৱড়ে, ঝাৰখণ্ডত লক্ষ্মীকান্ত বাজপেয়ী প্ৰভৃতিক নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে।

সমাগত লোকসভা নিৰ্বাচন : অৰুণাচল প্ৰদেশৰ প্ৰভাৰীৰ দায়িত্বত অশোক সিংহল
শান্তি চুক্তিৰ বৰ্ষপূৰ্তিৰ দিনটোতেই গৰজি উঠিল প্ৰাক্তন এন ডি এফ বি নেতা-সদস্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in