/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/asani.png)
ডিজিটেল ডেস্ক: অহা ২৪ ঘন্টাৰ ভিতৰত অসমকে ধৰি চাৰিখন ৰাজ্য সাগৰীয় ধুমুহাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱণা আছে। বংগোপ সাগৰত হোৱা সাগৰীত ঘূৰ্ণী বতাহৰ বাবে ওড়িশা, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱণা আছে।
এই সাগৰীয় ধুমুহাৰ নাম দিয়া হৈছে অছানি আৰি এই নাম দিছে শ্ৰীলংকাই। সিংহালী ভাষাত অছানীৰ অৰ্থ হৈছে ক্ৰোধ। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে মঙলবাৰৰ বিয়লিৰ পৰা বৰষুণ আৰম্ভ হ'ব আৰু ৩ খন ৰাজ্যৰ উপকূলীয় এলেকাসমূহত সতৰ্কীকৰণ জাৰি কৰিছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বুধবাৰে অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম বংগৰ লগতে অসমতো বৰষুণ হ'ব। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ঘন্টাত ১০৫ কিলোমিটাৰ বেগত ভাৰতত খুন্দা মাৰিব আৰু তীব্ৰতা ১১৫ কিলোমিটাৰ প্ৰতি ঘন্টা পৰ্যন্ত হ'ব পাৰে।
আৰু পঢ়ক : দক্ষিণ শালমৰা-মানকাচৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ