অৰুণাচল প্ৰদেশত এতিয়াও শেষ হোৱা নাই ভোট গণনা, পুনৰ বিজেপিৰ বিজয়ধ্বজা….

অৰুণাচল প্ৰদেশত এতিয়াও শেষ হোৱা নাই ভোট গণনা, পুনৰ বিজেপিৰ বিজয়ধ্বজা….

author-image
asomiyapratidin
New Update
অৰুণাচল প্ৰদেশত এতিয়াও শেষ হোৱা নাই ভোট গণনা, পুনৰ বিজেপিৰ বিজয়ধ্বজা….

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশত ভোট গণনা এতিয়াও শেষ হোৱা নাই ৷ যাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী কিৰেন ৰিজিজুৰ বিজয় আনুষ্ঠানিকভাবে ঘোষণা কৰা নাই ৷ অৰুণাচল পশ্চিম লোকসভা সমষ্টিৰ অন্ত্ৰগত ৰাগা, ডুম্প'ৰিজো আৰু পাকে কেছাঙ বিধানসভা সমষ্টিৰ ভোটগণনা সম্পূৰ্ণ হোৱা নাই ৷

Advertisment

ইতিমধ্যে কিৰেণ ৰিজিজুৱে এক লাখ একাৱন্ন হেজাৰ ছশ নবৈটা (১,৫১,৬৯০) ভোটত আগবাঢ়ি আছে ৷ একেদৰে অৰুণা়চল পূব সমষ্টিত বিজেপিৰ বিজেপিৰ প্ৰাৰ্থি তথা অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি টাপিৰ গাও ৬৯৯৪৮ টা ভোটত আগবাঢ়ি আছে ৷ দুয়োটা সমষ্টিত বি জে পিৰ বিজয় নিশ্চিত ৷
আনহাতে অৰুণাচল প্ৰদেশক লোকসভাৰ সমান্তৰালকৈ হোৱা বিধানসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী পেমা খান্দুৰ নেতৃত্বত বিজেপিৰ প্ৰথমখন নিৰ্বাচিত চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈছে ৷

এই পৰ্যন্ত অৰুণাচল প্ৰদেশৰ মুঠ ৫৭ খন আসনৰ ফলাফল ওলাইছে ৷ ৫৭ খন আসনত বিজেপিয়ে মুঠ ৩৬ খন আসন লাভ কৰিছে ৷ বি জেপিৰ মিত্ৰদল জে ডি ইউৰ পৰা ৯ জন, এন পি পিৰ পৰা ৫ জন, কংগ্ৰেছৰ ৪ জন, পি পি এ দলৰ পৰা,এজন, দুজন নিৰ্দলীয় বিজয়ী হৈছে ৷ আনহাতে নিৰ্বাচনত পৰাজিত হৈছে বহুকেইজন হেভিৱেইট নেতা ৷ গৃহমন্ত্ৰী কুমাৰ ৱাই বামেং সমষ্টিত বিজেপিৰ প্ৰাৰ্থি গুৰুক পাৰদুঙৰ হাতত পৰাজিত হৈছে ৷ ৱাইক বিজেপিয়ে দলীয় প্ৰাৰ্থিত্ব দিয়া নাছিল ৷ পেমা মন্ত্ৰীসভাৰ শক্তি মন্ত্ৰী টামিঅ' টাগা জেডি ইউৰ প্ৰাৰ্থি টালেম টালোহৰ হাতত পৰাজিত হৈছে ৷ কৃষি মন্ত্ৰী ডা, মহেশ চাই নিৰ্দলীয় প্ৰাৰ্থি কাৰিকো ক্ৰিৰ হাতত পৰাজিত হৈছে ৷ প্ৰায় ত্ৰিছ বছৰ ধৰি অৰুণাচল প্ৰদেশ বিধান সভাৰ সদস্য হৈ থকা প্ৰাক্তন গৃহ মন্ত্ৰী টাংগা ব্যালিঙ বিজেপিৰ প্ৰাৰ্থি নাকাপ নালোৰ হাতত পৰাজিত হৈছে ৷

যোৱা বিধানসভাৰ বিৰোধী দলপতি কংগ্ৰেছৰ টাকাম পাৰিঅ' বি জেপিৰ প্ৰাৰ্থি বালো ৰাজাৰ হাতত পৰাজিত হৈছে ৷ পৰাজিত হৈছে অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতি টাকাম সঞ্জয় বিজেপিৰ প্ৰাৰ্থি জুমুম এটে দেউৰীৰ হাতত লেকাং সমষ্টিত পৰাজিত হৈছে ৷ আনহাতে যৱা ২১ মেত দিন দুপৰতে এন এচ চি এনে আন দহজন ব্যক্তিৰ লগত গুলিয়াই হত্যা কৰা খুনচা পশ্চিম সমষ্টিৰ এন পি পিৰ প্ৰাৰ্থি টিৰং আব'হে বিজেপি প্ৰাৰ্থি ফাৱাং ল'ৱাঙক ১০৫৫ টা ভোটত পৰাজিত কৰিছে ৷

বিজেপিৰ এই বিজয়ত স্বাভাৱিকতে উল্লাসিত হৈ পৰিছে দলীয় নেতা-কৰ্মীসকল ৷ মুখ্যমন্ত্ৰী পেমা খান্দু এতিয়াও টাৱাঙতে আছে আৰু কাইলৈহে ইটানগৰলৈ আহিব ৷ ইতিমধ্যেই অৰুণাচলত আৰম্ভ হৈছে বিজেপিৰ বিজয় উৎসৱ ৷