বক্সিঙৰ বাচনি শিবিৰত অংশগ্ৰহণৰ বাবে গৈ থকা অৱস্থাত পাহাৰৰ মাটি খহি মৃত্যু যুৱকৰ…

বক্সিঙৰ বাচনি শিবিৰত অংশগ্ৰহণৰ বাবে গৈ থকা অৱস্থাত পাহাৰৰ মাটি খহি মৃত্যু যুৱকৰ…

author-image
asomiyapratidin
New Update
বক্সিঙৰ বাচনি শিবিৰত অংশগ্ৰহণৰ বাবে গৈ থকা অৱস্থাত পাহাৰৰ মাটি খহি মৃত্যু যুৱকৰ…

ডিজিটেল ডেস্ক: ৰবিবাৰে পুৱা ৮:৪০ বজাত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত পুনৰ এক ভয়াৱহ ভূমিস্খলনৰ ঘটনাত প্ৰাণ গ'ল এজন সম্ভাৱনাপূৰ্ণ বক্সিং খেলুৱৈৰ।

Advertisment

ইটানগৰৰ ডকুম কলনিৰ পৰা ৰাজীব গান্ধী বিশ্ববিদ্যালয়ত হৈ থকা বক্সিঙৰ বাচনি শিবিৰত অংশগ্ৰহণৰ বাবে গৈ থকা অৱস্থাতে নাহৰলগুন ৰেলৱে ষ্টেচন সংযোগী পথৰ চ'ড গাঁৱৰ ওচৰত হঠাতে পাহাৰ খহি পৰে। সেই সময়ত মটৰ চাইকেলত গৈ থকা ১৮ বছৰীয়া ৰাগে হিল্লি নামৰ যুৱকজন পাহাৰৰ পৰা খহি অহা শিল-বালি- মাটিৰ তলত পোত যায়। পাছত স্থানীয় লোক, আৰক্ষী আৰু এন ডি আৰ এফৰ জোৱানে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

উল্লেখ্য যে একেখন মটৰ চাইকেলত উঠি যোৱা টাই আবু নামৰ যুৱকজন আচৰ্যজনকভাবে ৰক্ষা পৰে। অৱশ্যে তেওঁ সামান্য আঘাতপ্ৰাপ্ত হৈছে। এই ভূমিস্খলনৰ ফলত ইটানগৰ -য়ুপিয়া পথটো বন্ধ হৈ পৰিছে। নাহৰনগুন ৰেলৱে ষ্টেচনলৈ ৰোৱা পথটোও বন্ধ হৈ পৰিছে।

আৰু পঢ়ক: পথৰ কাষত থকা দোকানত খুন্দা তীব্ৰবেগী বাহনৰ, আহত শিশু সহ ৫ জন…

arunachal landslide