সহস্ৰজনৰ জীৱন ৰক্ষা কৰা মৃত্যুঞ্জয় কৰ্মী অৰুণ বৰুৱাক দুৰ্বৃত্তৰ আক্ৰমণ,চিকিৎসাধীন অৱস্থাত মৃত্যু

সীমাহীন অভাৱ সমস্যাৰ মাজতো প্ৰাত্যহিক জীৱন জীৱিকাৰ সংগ্ৰাম চলাই শত সহস্ৰ ৰোগাক্ৰান্তক জীৱনৰ মাধুৰ্য প্ৰদান কৰি অহা এজন অক্লান্ত মৃত্যুঞ্জয় যোদ্ধা (চালক)অৰুণ বৰুৱা (৩৫)

author-image
Asomiya Pratidin
New Update
সহস্ৰজনৰ জীৱন ৰক্ষা কৰা মৃত্যুঞ্জয় কৰ্মী অৰুণ বৰুৱাক দুৰ্বৃত্তৰ আক্ৰমণ,চিকিৎসাধীন অৱস্থাত মৃত্যু

ডিজিটেল সংবাদ, ঢকুৱাখনা: সীমাহীন অভাৱ সমস্যাৰ মাজতো প্ৰাত্যহিক জীৱন জীৱিকাৰ সংগ্ৰাম চলাই শত সহস্ৰ ৰোগাক্ৰান্তক জীৱনৰ মাধুৰ্য প্ৰদান কৰি অহা এজন অক্লান্ত মৃত্যুঞ্জয় যোদ্ধা (চালক)অৰুণ বৰুৱা (৩৫)।  দিন-ৰাতি একাকাৰ কৰি আৰ্তজনৰ কাষত থিয় দি ক্ষীপ্ৰ স্বাস্থ্য সেৱা আগবঢ়াই অহা ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত এইগৰাকী মৃত্যুঞ্জয় কৰ্মীৰ দেহাবসানে ফাটবিহুৰ উৎসৱমুখীতা বহুলাংশে ম্লান কৰি তুলিছে ।

Advertisment

ঘটনাৰ বিবৰণি অনুসৰি ফাটবিহুকালীন জৰুৰী সেৱা আগবঢ়াই  শুক্ৰবাৰে নিশা প্ৰায় ১২-১৫ বজাত ঘৰমুৱা হৈছিল ঢকুৱাখনা নগৰৰ দূলিয়া গাঁও নিবাসী মনেশ্বৰ বৰুৱাৰ ৩৫ বছৰীয়া পুত্ৰ অৰুণ বৰুৱা ।তেতিয়াই ঢকুৱাখনা নগৰৰ  ৰাজহুৱা খেলপথাৰৰ সমীপত কোনো অচিনাকী দুৰ্বৃত্তই আক্ৰমণ চলাই গুৰুতৰ ভাৱ আহত কৰি পথৰ ওপৰত পেলাই থৈ যায় তেওঁক।

বহু সময় ধৰি পথৰ ওপৰতে পৰি থকাৰ পাছত আৰক্ষীয়ে নিশা প্ৰায় ১২.১৫ মান বজাত চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে পৰৱৰ্তী সময়ত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে।

পাছত আত্মীয়ই ততাতৈয়াকৈ সংজ্ঞাহীন স্বাস্থ্যকৰ্মীজনক ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰাই জৰুৰী চিকিৎসা প্ৰদান কৰাৰ সময়তে শনিবাৰে সন্ধিয়া  বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে।

আশংকা কৰা হৈছে কোনো অজ্ঞাত পক্ষই মূৰত কৰা আক্ৰমণৰ বাবেই সৰবৰহি মিষ্টভাষী যুৱকজনৰ অকাল মৃত্যু ঘটিল । কভিডকালীন অৱস্থাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিয়মীয়া দায়িত্ব কৰ্তব্য সম্পন্ন কৰি যোৱা এইগৰাকী নিষ্ঠাবান কৰ্মীৰ অকাল বিয়োগৰ খবৰে শোকৰ বন্যা বোৱাইছে ঢকুৱাখনাত।

মৃত্যুৰ সময়ত তেওঁ পত্নী মিনাক্ষী (মুনো) বৰুৱা আৰু দুটি কণমানি সন্তানক এৰি থৈ যায়। কৰ্তব্য পৰায়ন যুৱকজনৰ আকস্মিক বিয়োগৰ খবৰ পাই অগণন গুণমুগ্ধই বৰুৱাৰ ঘৰত উপস্থিত হৈ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি দেওবাৰে স্বগৃহলৈ নশ্বৰ দেহ অনা হ'ব।  বৰুৱাৰ শুভাকাংক্ষী ব্যক্তি সংগঠনৰ দাবী এই মৰ্মান্তিক হত্যাকাণ্ডৰ উচিত তদন্ত হওক।  দোষীক চিনাক্ত কৰি সমুচিত আইনগত শাস্তি প্ৰদান কৰক আৰক্ষীয়ে । এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে ।

Also Read: জনতাই দিছে সুযোগ! ১৩৬ খন আসনেৰে বিজেপিৰ দুৰ্গ ধ্বংস কৰি কৰ্ণাটকত কংগ্ৰেছৰ জয়গান

Assam police