/asomiyapratidin/media/media_files/2025/02/04/b5JXotHqS1FbFyI04TRv.jpg)
ডিজিটেল ডেস্কঃ সদ্য প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ সোঁৱৰণত অহা ৭ ফেব্ৰুৱাৰীত বহু নবীন, প্ৰবীণৰ উপস্থিতিত সোণাপুৰত অনুষ্ঠিত হ'ব 'জাতি-মাটিৰ শিল্পী ৰাজীৱ শদিয়াৰ সোঁৱৰণী অনুষ্ঠান'। সংযুক্ত সমাজবাদী মঞ্চৰ 'সন্মিলিত গণ-সাংস্কৃতিক বাহিনী' আৰু জনজাতি মহাসংঘৰ ডিমৰীয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।
এই সম্পৰ্কত প্ৰেৰণ কৰা এক বিবৃতিত অনুষ্ঠানৰ আহ্বায়ক মুক্তি লালুং, মুকুল চন্দ্ৰ দত্ত, মাণিক ৰংহাং আৰু ভূপেন ৰাভাই কয়,- যোৱা ১৩ জানুৱাৰী, ২০২৫ তাৰিখে জাতি-মাটিৰ শিল্পী, জাতীয় সমাজকণ্ঠ ৰাজীৱ শদিয়াই আকস্মিকভাবে মৃত্যুক সাৱটি লোৱাত অসমৰ সংগ্ৰামী চেতনাৰ ৰাইজ শোকত ভাগি পৰিছে। বহুতো গায়ক-কলাবিদে ব্যক্তিস্বার্থক আগস্থান দি শাসকীয় পক্ষৰ জনবিৰোধী নীতিকো সমর্থন আৰু তোষামোদ কৰাৰ বিপৰীতে ৰাজীৱ শদিয়াই আজীৱন গানৰ মাধ্যমেৰে প্ৰত্যাহ্বান জনাই গৈছিল, জনগণক সংগ্রামী চেতনাৰে উদ্বুদ্ধ কৰিছিল; জাতি-মাটিৰ অধিকাৰ প্ৰাপ্তিৰ সাংস্কৃতিক সংগ্ৰামৰ সেনাপতি সাজি জনগণক নেতৃত্ব দিছিল।
সাম্রাজ্যবাদী বিশ্বায়নে গাঁওবোৰ শুহি পেলোৱাৰ, ভোগবাদী মানসিকতাই মানুহৰ মনবোৰ চেপি পেলোৱাৰ, পুঁজিপতিৰ হাতত বন্দী ৰাজনীতিয়ে সমাজখন ভাঙি পেলোৱাৰ ক্ষোভত তেখেতৰ কণ্ঠই গুজৰি উঠিছিল। অন্ন-বস্ত্র-বাসস্থানৰ মৌলিক প্রয়োজন তথা অধিকাৰতকৈ ধৰ্মক উর্দ্ধত তুলি ৰাজনীতি কৰাৰ ব্যৱস্থাক তেখেতে প্রতিবাদ কৰিছিল।
অসমৰ গ্ৰাম্য কৃষি-অর্থনীতিৰ ধ্বংসসাধন তথা স্বাৱলম্বিতাৰ প্রতীক -স্বৰূপ 'আইৰ তাঁতশাল' ইতিহাসলৈ পৰিণত হোৱাৰ উপক্ৰম হোৱাত অসমবাসীৰ মাজত চেতনাৰ স্রোত বোৱাইছিল গানৰ মাধ্যমেৰে অসমৰ থলুৱা সুৰত বান্ধি। উগ্রজাতীয়তাবাদ তথা সংকীর্ণ গোষ্ঠীবাদৰ বিৰোধিতা কৰি অসমৰ জাতি-জনজাতিৰ সমন্বিত জাতীয়তাবাদ গঢ়াৰ আখৰা কৰিছিল গীতৰ সভাত। সেইজন জাতি-মাটিৰ শিল্পী, জাতীয় সমাজকণ্ঠ ৰাজীৱ শদিয়াৰ গীত-মাত অনুধাৱন কৰি তেখেতৰ লক্ষ্য-উদ্দেশ্যক জনতাৰ মাজত জীয়াই ৰখাৰ দায়িত্ব আহি পৰিছে সংগ্রামী জনগণৰ কান্ধত।
সেই দায়িত্ব স্বীকাৰ কৰি সংযুক্ত সমাজবাদী মঞ্চৰ সাংস্কৃতিক বিভাগ 'সম্মিলিত গণ-সাংস্কৃতিক বাহিনী' তথা জনজাতি মহাসংঘৰ আহ্বানত তথা বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত অহা ৭ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে দিনৰ ১০-৩০ বজাত সোণাপুৰৰ নিউ মার্কেটৰ সন্মুখত 'জাতি-মাটিৰ শিল্পী ৰাজীৱ শদিয়াৰ সোঁৱৰণী অনুষ্ঠান' আয়োজন কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানত প্রবীণ-নবীন কেইবাজনো কলাকাৰৰ উপৰিও বিশিষ্ট লোকে অংশগ্রহণ কৰিব। উক্ত কার্যসূচীত আপুনিও অংশগ্রহণ কৰিব বুলি আশা কৰি সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।