কৃষি এৰি কেনেকৈ চিত্ৰ শিল্পলৈ আকৰ্ষিত হৈছিল নীলপৱন বৰুৱা...

কৃষি এৰি কেনেকৈ চিত্ৰ শিল্পলৈ আকৰ্ষিত হৈছিল নীলপৱন বৰুৱা...

ৰাজ্যবাসীৰ বাবে বেয়া খবৰ।খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই। শুকুৰবাৰে দুপৰীয়া ৩ বাজি ১৫ বজাত শেষ নিশ্বাস ত্য়াগ কৰে চিত্ৰশিল্পী গৰাকীয়ে।

ডিজিটেল ডেস্ক: ৰাজ্যবাসীৰ বাবে বেয়া খবৰ।খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই। শুকুৰবাৰে দুপৰীয়া ৩ বাজি ১৫ বজাত শেষ নিশ্বাস ত্য়াগ কৰে চিত্ৰশিল্পী গৰাকীয়ে। কেইবাদিনো ধৰি জি এম চি এইচত চিকিৎসাধীন হৈ আছিল শিল্পী গৰাকী।

নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১ জুনত যোৰহাট জিলাৰ টীয়কত।পিতৃ 'ধ্বনি কবি' ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা ।

নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিছিল। তাৰপাছত খেতিৰ কাম আৰু সামাজিক কামত মনোনিবেশ কৰাৰ মানসেৰে কলেজীয়া শিক্ষা লোৱা নাছিল।

'প্ৰমথনাথ বসু'ৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ বৰুৱাই শান্তি নিকেতনত শিক্ষা লোৱাৰ ইচ্ছা কৰি কলিকতালৈ গৈছিল। প্ৰথমে তেওঁ কৃষি বিষয়ত শিক্ষা লোৱাৰ ইচ্ছা কৰিছিল যদিও শান্তি নিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহণ কৰে ।

১৯৬১ চনত শান্তি নিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰাত লগাতকৈ বেছি সময় লাগিছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি বৰুৱাই শ্ৰী নিকেতনৰপৰা গ্লেজেদ পৱেট্ৰি( glazed pottery) বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল। পাছলৈ বৰুৱাই নতুন দিল্লী 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা গ্ৰহণ কৰিছিল।

১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহিছিল আৰু দেউতাকৰ ইচ্ছানুসৰি 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ কামত যোগ দিছিল।

১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে, লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰে পৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত ওতপ্ৰোত ভাৱে জড়িত হৈ আহিছিল।

নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ 'বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা', 'লক্ষ্ণৌ ললিত কলা একাডেমি', ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছিল। তেওঁৰ অংকতি ছবিয়ে 'ললিত কলা একাডেমি, দিল্লী'-ত অসমক প্ৰতিনিধিত্ব কৰি গৌৰাৱান্বিত কৰিছিল।

১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰিছিল। মুখা শিল্পৰ কাৰ্মশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। বৰুৱাই বৃন্দাৱনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল বৰুৱাই।

নীলপৱন বৰুৱাই 'চাৰমিনাৰ' চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছিল।

অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰ নীলপৱন বৰুৱাৰ সহধৰ্মিনী। কণ্ঠশিল্পী দীপালী বৰঠাকুৰে 'মটৰ-নিউৰণ ৰোগ'ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰুৱাই পেলাইছিল। লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হৈছিল। নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ প্ৰেম কাহিনীয়ে অনুপ্ৰাণিত কৰে সকলোকে।

বৰুৱাদেৱে চিত্ৰশিল্পৰ বাবে বহু সন্মানেৰে সন্মানিত হৈছিল। ২০২১বৰ্ষত ৰাজ্য চৰকাৰে প্রদান কৰিছিল ‘অসম সৌৰভ’ বঁটা।

 বিশিষ্ট চিত্ৰশিল্পী গৰাকীৰ মৃত্যু অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি। কিন্তু অসমৰ ৰাইজক তেওঁ যি দি গ'ল সেয়া সদায় অতুলনীয় হৈ ৰ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in