/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/bokos.png)
ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোৰ যুৱ চিত্ৰশিল্পী এগৰাকীয়ে তেওঁ অংকন কৰা বিশেষ ছবি সমূহ গ্ৰন্থ আকাৰত প্ৰকাশৰ প্ৰস্তুতি চলাইছে । বিশেষকৈ যিবোৰ ছবি অংকন কৰি যুৱ চিত্ৰশিল্পীগৰাকীয়ে ফেলশ্বিপ লাভ কৰিছে সেই ছবিবোৰ গ্ৰন্থখনত থাকিব বুলি জনাইছে ।
লগতে থাকিব ৰাভা জনগোষ্ঠীৰ সংস্কৃতিৰ ওপৰত অংকন কৰা ছবি। যুৱ চিত্ৰশিল্পীগৰাকী ৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত আগছিয়া গাঁৱৰ ৰঞ্জিত কুমাৰ ৰাভা । পশ্চিম বংগৰ বিশ্ব ভাৰতী শান্তি নিকেতনৰ কলা ভৱনৰ পৰা 'ছপা চিত্ৰ' বিষয়ত অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰঞ্জিত কুমাৰ ৰাভাই প্ৰকাশৰ প্ৰস্তুতি চলোৱা ছবিৰ গ্ৰন্থখনত কমেও ২০ খন বিশেষ ছবি থাকিব।
ডিজিটেল প্ৰিণ্টত ৰঙীনকৈ প্ৰকাশ কৰি উলিওৱাৰ প্ৰস্তুতি চলোৱা ছবিৰ গ্ৰন্থখন অনুমানিক ৫০ পৃষ্ঠাৰ হ'ব । গ্ৰন্থখনত ছবিৰ লগতে লিখা থাকিব ছবিবোৰ অংকনৰ আঁৰৰ কথা। গ্ৰন্থখন প্ৰকাশৰ প্ৰস্তুতিৰ কাম যুৱ চিত্ৰশিল্পীগৰাকীয়ে ২০১০ ইং বৰ্ষৰ পৰা আৰম্ভ কৰিছে । গ্ৰন্থখনৰ কাম ইতিমধ্যে বহুখিনি আগবঢ়িছে ।
অহা ২০২৩ ইং চনৰ আৰম্ভণিতে গ্ৰন্থখন প্ৰকাশ কৰিব পৰিব বুলি শিল্পীগৰাকীয়ে আশা প্ৰকাশ কৰিছে । আৰ্থাৎ গ্ৰন্থখন প্ৰকাশৰ প্ৰস্তুতি সম্পূৰ্ণ ১০ বছৰো অধিক । উল্লেখযোগ্য যে সম্প্ৰতি পাণ্ডু বি এড কলেজত ছবি বিষয়ত শিক্ষকতা কৰি থকা যুৱ চিত্ৰশিল্পী ৰঞ্জিত কুমাৰ ৰাভাই ২০১৩ ইং চনত ফেলশ্বিপ লাভ কৰিছে । ৰঞ্জিত কুমাৰ ৰাভা ফেলশ্বিপ লাভ কৰা একমাত্ৰ ৰাভা চিত্ৰশিল্পী ।
ছপা চিত্ৰ বিষয়ত শান্তি নিকেতনত স্নাতকোত্তৰ ডিগ্ৰীত অধ্যয়ন কৰি থকাৰ সময়ত যুৱ চিত্ৰশিল্পীগৰাকীয়ে অংকন কৰা ছবি ২০০৭ ইং চনত জাপান আৰু ২০০৮ ইং চনত তুৰ্কীত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছিল। ' ফাৰকান্তি ' – শীৰ্ষক ৰাভা জনগোষ্ঠীৰ লোকনৃত্যত ব্যৱহাৰ হোৱা কাঠৰ ' মানচেলেংকা' চৰাইজনীৰ আৰ্হিত ৰঞ্জিত কুমাৰ ৰাভাই ছবি অংকন কৰে । মানচেলেংকা চৰাইজনীক আৰ্হি হিচাপে গ্ৰহণ কৰি মনৰ সুখ-দুখ,আনন্দ-বিষাদ প্ৰকাশ কৰাৰ লগতে গাঁৱবোৰত বিৰাজমান হৈ থকা দৃশ্যবোৰ যুৱ চিত্ৰশিল্পীগৰাকীয়ে অংকন কৰি আহিছে ।
নিচেই সৰুতে পিতৃ ধৰণীধৰ ৰাভাৰ লগত চাইকেলত উঠি ফুঁৰোতে ছয়গাঁৱৰ ফালাফাং গাঁৱৰ মাজেৰে বৈ যোৱা ডিমালী নদীত এজাক শিশুৱে শিল-বালিৰে সাজি থকা শিৱলিংগ দেখি ছবিৰ প্ৰতি আকৰ্ষিত হৈছিল চিত্ৰশিল্পীগৰাকীয়ে । পৰৱৰ্তী পৰ্যায়ত ৰঞ্জিত কুমাৰ ৰাভাই মঞ্জয় কুমাৰ ৰাজবংশী , লোহিত ৰাজবংশী , সীতাৰাম নাথ আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট চিত্ৰশিল্পীৰ সান্নিধ্যলৈ আহি ছবি সন্দৰ্ভত বহু কথা শিকে।
অসম চাৰু কাৰু মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীৰ শিক্ষাৰ্থী হৈ থাকোতে ৰঞ্জিত কুমাৰ ৰাভাক মহাবিদ্যালয়খনৰ শিক্ষক অজিত চিলে মনত ভাললগা যিকোনো এটা আৰ্হি হিচাপে লৈ ছবি আংকনৰ পৰামৰ্শ আগবঢ়াইছিল । শিক্ষকগৰাকীৰ সেই পৰামৰ্শ মতে ৰাভা জনগোষ্ঠীৰ ফাৰকান্তি লোকনৃত্যত ব্যৱহাৰ হোৱা কাঠৰ 'মানচেলেংকা' চৰাইজনীৰ আৰ্হিত যুৱ চিত্ৰশিল্পীগৰাকীয়ে ছবিবোৰ অংকন কৰি গৈছে ।