জেহাদী কাৰ্য-কালাপত জড়িতৰ অভিযোগ! গ্ৰেপ্তাৰ ৪

তামুলপুৰ আৰক্ষীৰ জালত দুই জেহাদী।

author-image
Asomiya Pratidin
New Update
 জেহাদী কাৰ্য-কালাপত জড়িতৰ অভিযোগ! গ্ৰেপ্তাৰ ৪

arrested 4 jehadi suspects

ডিজিটেল ডেস্ক: তামুলপুৰ আৰক্ষীৰ জালত দুই জেহাদী। সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাদেক আলী আৰু জাকিবুল আলীক।

Advertisment

ছাদেক আলীৰ ঘৰ বৰপেটাৰ হাউলিত বুলি জানিব পৰা গৈছে। তামুলপুৰৰ এখন মাদ্রাছাত শিক্ষকতা কৰিছিল ছাদেকে।

জাকিবুল আলীৰ ঘৰ নলবাৰীৰ ন-মাটিত। তামুলপুৰৰ দৰঙামেলাত ব্যৱসায় কৰি আছিল জাকিবুলে। দুয়ো ABT আনচাৰুল বাংলাদেশী গেঙৰ সদস্য বুলি আৰক্ষীয়ে জনাইছে।

ইয়াৰ লগতে নলবাৰীৰ নাৰায়ণপুৰতো দুটা সন্দেহজনক জেহাদীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘগ্রাপাৰ নাৰায়ণপুৰৰ আবু ৰায়হান আৰু হাবেল আলীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। দুয়োকে ইতিমধ্যে হাজিৰ কৰাইছে নলবাৰী আদালত। অভিযোগ অনুসৰি শিক্ষকতাৰ নামত চলাই আহিছিল জেহাদী কাৰ্যকলাপ।

assam Assam police arrested