মছজিদৰ ইমামে পলুৱাই নিলে কিশোৰীক...

মছজিদৰ ইমামে পলুৱাই নিলে কিশোৰীক...

author-image
Asomiya Pratidin
New Update
মছজিদৰ ইমামে পলুৱাই নিলে কিশোৰীক...

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ ধুহিবালাত ইমাম মিনহাজ আহমেদৰ অপকৰ্মই নাক কাটিলে অঞ্চলবাসীৰ। এক জঘন্য ঘটনা সংঘটিত হৈছে কঞা থানাৰ অন্তৰ্গত ধুহিবালাত।

Advertisment

অভিযোগ অনুসৰি চৌমুখা মছজিদৰ ইমাম মিনহাজ আহমেদে পলুৱাই নিলে এগৰাকী কিশোৰী। ইয়াৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে মুছলমান সমাজত ইমামক ধৰ্মগুৰু আখ্যা দিয়া হয়। মছজিদ থাকি ৫ বাৰ নামাজ পঢ়াৰ লগতে শিশু সকলক দিয়ে ধর্মৰ জ্ঞান। কিন্তু তেনে এক পবিত্ৰ বৃত্তিত জড়িত হৈ ইমাম মিনহাজে সংঘটিত কৰিলে মুছলমান সমাজক চৰম বিশ্বাসঘাটক।

এই ঘটনাৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়াল ওচৰ চাপিছে কঞা আৰক্ষীৰ। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কঞা আৰক্ষীয়ে অসম-বংগ সীমান্তৰ পৰা ইমান মিনহাজক আটক কৰাৰ লগতে উদ্ধাৰ কৰে কিশোৰী গৰাকীক।

আনহাতে ইমাম মিনহাজ কোনো নাৰী দেহ চক্ৰৰ লগত জড়িত নেকি তাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষী য়ে।

Also Read: ছ'চিয়েলিষ্ট গাৰ্গৰ নতুন উবাচ...

Assam police