বিটিআৰত পুনৰ উদ্ধাৰ হৈছে অবৈধ মাৰনাস্ত্ৰ...

বিটিআৰত পুনৰ উদ্ধাৰ হৈছে অবৈধ মাৰনাস্ত্ৰ...
  • বিটিআৰত পুনৰ উদ্ধাৰ হৈছে অবৈধ মাৰনাস্ত্ৰ।

  • কালি নিশা ওদালগুৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ অস্ত্ৰখিনি।

  • ADGP SP হিৰেণ নাথৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান।

  • ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োৰ নেতৃত্বত চলিছিল অভিযান।

  • অভিযানত আছিল মাজবাট থানাৰ অচি ৰাজীৱ গোঁহাই আৰু লালপানী আৰক্ষী চকীৰ বিষয়া।

  • মাজবাটৰ লালপানী অঞ্চলত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ।

  • মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ অস্ত্ৰসমূহ ।

  • উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে তিনিটা AK47, ছয়টা খালী মেগজিন, ৬২০ জাই গুলী।

  • অস্ত্ৰসমূহ কাৰ এতিয়াও জানিব পৰা হোৱা নাই।

  • ঘটনা সন্দৰ্ভত সৱিশেষ তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in