বোকাজানত অবৈধ মাৰণাস্ত্ৰসহ ২ যুৱক আটক।

বোকাজানত অবৈধ মাৰণাস্ত্ৰসহ ২ যুৱক আটক।

author-image
asomiyapratidin
New Update
বোকাজানত অবৈধ মাৰণাস্ত্ৰসহ ২ যুৱক আটক।

ডিজিটেল সংবাদ, বোকাজান: শুকুৰবাৰে অসম-নগালেণ্ডৰ লাহৰিজানৰ টিলাবস্তিৰ পৰা অবৈধ মাৰণাস্ত্ৰসহ দুই যুৱকক আটক কৰে আৰক্ষীয়ে। আটকাধীন দুই যুৱক কাছাৰৰ কাবিল উদ্দিন লস্কৰ আৰু দৰঙৰ মাণিক আলি।

Advertisment

ধৃত যুৱক দুজনৰ পৰা এটা থ্ৰী নত থ্ৰী ৰাইফল; এটা ডি বি বি এল ৰাইফল; এটা স্কোপ; .৩০৩ ৰ ৩৪ জাই সক্ৰিয় গুলী, .২২ৰ ৭ জাই সক্ৰিয় গুলি; ৪৭ জাই বিভিন্ন বন্দুকৰ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নগালেণ্ডৰ ডিমাপুৰৰ পৰা কোনো লোকক বিক্ৰীৰ বাবে আনিছিল মাৰণাস্ত্ৰ দুটা।যুৱক দুজন অসম-নাগালেণ্ডৰ লাহৰিজানত ভাড়াতীয়া হিচাপে আছিল। ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে।

আৰু পঢ়ক: ঢকুৱাখনা উন্নয়ন খণ্ডত মহিলাৰ  প্ৰতিবাদ,গেৰুৱা দলৰ এজেণ্টৰ ৰূপত বি পি এম জেচমিন দলে…

assam bokajan