দুৰ্নীতি শূন্য সহনশীলতাৰ নমুনাঃ ৰাকেশ পালৰ আশীৰ্বাদপুষ্ট বিষয়াক NIA ৰ দায়িত্ব...

দুৰ্নীতি শূন্য সহনশীলতাৰ নমুনাঃ ৰাকেশ পালৰ আশীৰ্বাদপুষ্ট বিষয়াক NIA ৰ দায়িত্ব...
দুৰ্নীতি শূন্য সহনশীলতাৰ নমুনাঃ ৰাকেশ পালৰ আশীৰ্বাদপুষ্ট বিষয়াক NIA ৰ দায়িত্ব...
Published on
Updated on

ডিজিটেল ডেস্কঃ দুৰ্নীতি শূন্য সহনশীল নীতি কেৱল মাত্ৰ এক শ্লোগান ! দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা, দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াৰ কথা কোৱা চৰকাৰৰ বৰ ঘৰতেই চলিছে দুৰ্নীতিৰ বজাৰ।

নিয়মমাফিক দুই এজন ঘোচখোৰ বিষয়াৰ হাত দাঙিয়েই যেন দায়িত্ব সামৰিছে চৰকাৰ, প্ৰশাসনে। দুৰ্নীতিৰ কথাৰে শূন্যত গদা ঘূৰাই থকা ৰাজ্য চৰকাৰৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈছে ১১ আগষ্ট ২০২৩ ত ৰাজ্যৰ গৃহ বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্ৰয় স্বাক্ষৰ কৰা এখন নিৰ্দেশনাৰ জৰিয়তে।

এই নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যৰ গৃহ বিভাগে এগৰাকী এ পি এছ বিষয়াক নিযুক্তি দিছে NIA ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে। পিছে এইগৰাকী নৱ নিযুক্তি নিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ যোগ্যতাই এতিয়া সকলোৰো চকু কপালত তুলিছে।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈও অসমৰ্থ হোৱা দক্ষতাৰে পৰিপূৰ্ণ এইগৰাকী এ পি এছ বিষয়াক কাৰ আশীৰ্বাদত আৰু কি অন্তৰ্নিহিত উদ্দেশ্যত এই দায়িত্ব দিয়া হ'ল সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন।

উল্লেখ্য যে, অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত স্পষ্ট হৈছিল কিদৰে ৩৪ গৰাকী বিষয়াই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বক্ৰ পথেৰে চাকৰি লাভ কৰিছিল। আয়োগে সুদীৰ্ঘ সময় তদন্ত কৰি ৩৪ গৰাকী বিষয়াই বক্ৰ পথেৰে চাকৰি লোৱাৰ কথা প্ৰতিবেদনত স্পষ্ট কৰাৰ পাছতো ৰাজ্যৰ গৃহ বিভাগে সেইসকল বিষয়াক পুৰস্কৃত কৰিয়েই আহিছে।

তাৰ অতি শেহতীয়া উদাহৰণ ৰুমীৰ তিমুংপি। এইগৰাকী এ পি এছ বিষয়াই ৰাকেশ পালৰ সময়তে এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈয়ে লাভ কৰিছিল এ পি এছৰ চাকৰি।

পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ৰুমীৰ তিমুংপিক উত্তীৰ্ণ কৰাবলৈকে ৰাকেশ পালে দিছিল ২০০ নম্বৰৰ বনাছ হিচাপে। প্ৰতিটো বিষয়ত ৫০ নম্বৰকৈ অতিৰিক্ত ভাৱে ৰাকেশ পালে বনাছ হিচাপে দি ৰুমীৰ তিমুংপিক দিছিল নিযুক্তি।

বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত এই কথা উল্লেখ থকাৰ পাছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰে। বৰঞ্চ ৰুমীৰ তিমুংপিৰ দৰে আন আন সকলকো মাজে মধ্যে দি আহিছে পুৰস্কাৰ।

সেই পুৰস্কাৰৰ বলতে বক্ৰ পথেৰে চাকৰি লোৱাসকলৰ কোনোবা যদি আজি অতিৰিক্ত উপায়ুক্ত আন কোনোবা অতিৰিক্ত আৰক্ষী অধীক্ষক। তাৰ মাজৰে ৰুমীৰ তিমুংপিয়ে আকৌ শেহতীয়াকৈ লাভ কৰিলে নিয়াৰ দৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দৰে পদ।

ৰাজ্যৰ গৃহ বিভাগৰ এনে কৰ্মকাণ্ডত এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয়, অসম আৰক্ষীত নাছিল নেকি আন কোনো দক্ষ বিষয়া, যি এই পদৰ বাবে উপযুক্ত? যিগৰাকী আৰক্ষী বিষয়াই নিজেই বক্ৰ পথেৰে চাকৰি লাভ কৰিছে তেওঁ কিমান দক্ষতাৰে, স্বচ্ছতাৰে এই দায়িত্ব পালন কৰিব?

চাকৰিত যোগদান কৰিবলৈকে দুৰ্নীতিৰ আশ্ৰয় লোৱা আৰক্ষী বিষয়াই কিমান সততাৰে নিয়াৰ দৰে এটা গুৰুত্বপূৰ্ণ সংস্থাত নিজ দায়িত্ব পালন কৰিব সেয়াও ডাঙৰ প্ৰশ্ন। গৃহ বিভাগৰ এনে কাণ্ডই এতিয়া স্পষ্ট কৰিছে, প্ৰকৃততে দুৰ্নীতিৰ শূন্য সহনশীলতা কেৱল এক শ্লোগান। বাস্তৱক্ষেত্ৰত তাৰ নাই কোনো অস্তিত্ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in