বজালীৰ সু সন্তান ভাৰত ভূষণ দেৱ চৌধুৰী অসম লোক সেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি

বজালীৰ সু সন্তান ভাৰত ভূষণ দেৱ চৌধুৰী অসম লোক সেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি

author-image
asomiyapratidin
New Update
বজালীৰ সু সন্তান  ভাৰত ভূষণ দেৱ চৌধুৰী অসম লোক সেৱা আয়োগৰ অধ্যক্ষ পদত  নিযুক্তি

ডিজিটেল সংবাদ, পাঠশালা: বজালীৰ বামাখাটা গাঁৱৰ সু সন্তান,বিদগ্ধ পণ্ডিত, কলকাতা বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথম অসমীয়া স্নাতকোত্তৰ কামেশ্বৰ দাস লোকসেৱা আয়োগৰ অধ্যক্ষ হোৱাৰ ৭২ বছৰ পিছত পুনৰ নব গঠিত বজালী জিলালৈ শেহতীয়াকৈ আহিছে এটা সুখবৰ। দাস ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ, বৰপেটা এম চি কলেজৰ অধ্যক্ষ পদটো অধিষ্ঠিত আছিল।

Advertisment

বজালীৰ সু সন্তান তথা পাটাছাৰকুছি নিবাসী ভাৰত ভূষন দেৱ চৌধুৰীক শেহতীয়াকৈ চৰকাৰে লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদত অধিস্থিত কৰাক লৈ উৎফুল্লিত আৰু গৌৰান্বিত হৈছে বজালী বাসী। উল্লেখ্য যে বিখ্যাত গণিতজ্ঞ তথা বজালীৰ সু-সন্তান তথা সেই সময়ৰ বজালী মহাবিদ্যালয় বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কামেশ্বৰ দাস অসম লোকসেৱা আয়োগৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ হিচাপে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কৰি থৈ গৈছে।

১৯৪৮-৪৯ ৰ পৰা ১৯৫২-৫৩ লৈ এইগৰাকী বিদগ্ধ পণ্ডিতে অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ আসন অলংকৃত কৰি ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰৰে এই কথা লিপিবদ্ধ হৈ আছে।সুদীৰ্ঘ ৭২ বছৰৰ পাছত আন এগৰাকী বজালীয়ানে পুনৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদ অলংকৃত কৰাক লৈ এতিয়া বজালীত আনন্দৰ বন্যা বৈছে ।

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সুখ্যাতিৰে সেৱা আগবঢ়োৱা বজালী জিলাৰ প্ৰাক্তন উপায়ুক্ত,সুদক্ষ প্ৰশাসনিক বিষয়া বজালীৰ গৌৰৱ লোকসেৱা আয়োগৰ নবনিযুক্ত অধ্যক্ষ ভাৰত ভূষন দেব চৌধুৰীৰ নেতৃত্বত অসম লোকসেৱা আয়োগে হৃত গৌৰৱ উদ্ধাৰ কৰিব বুলি আশা কৰিছে বজালীবাসীয়ে।

ইপিনে পাটাছাৰকুছিৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে শৈশব কালৰে পৰা ভাৰত ভূষন দেব চৌধুৰী শৈশবৰে পৰা মেধাৰ পৰিচয় দিয়া বুলি উল্লেখ কৰি তেওৰ প্ৰশাসনিক দক্ষতা সকলোৱে স্বীকাৰ কৰে বুলি কয়। ইয়াৰ লগতে ভট্টদেব বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক পৰাগ বৰ্মনে কামেশ্বৰ দাসৰ অৱদান উল্লেখ কৰি ভাৰত ভূষন দেব চৌধুৰীক লৈ সমগ্র বজালী আজি গৌৰান্বিত বুলি মন্তব্য কৰি অসম লোকসেৱা আয়োগৰ পূৰ্বৰ সমস্যা নোহোৱা কৰি লোকসেৱা আয়োগৰ পৰীক্ষা সমূহক ভাৰত ভূষন দেব চৌধুৰীয়ে সূস্তিৰ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হব বুলি সকলো আশাবাদী বুলি মত পোষণ কৰে ।

ইয়াৰ উপৰি স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰনজিত কুমাৰ দাস, শতবৰ্ষীয় পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিধৰ চৌধুৰী, সম্পাদক জিতেন তালুকদাৰ, আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, কহিনুৰ থিয়েটাৰ প্ৰযোজক তপন লহকৰ, বজালী জিলা কংগ্রেছৰ সভাপতি গিৰিশ পাটগিৰি, প্ৰাক্তন ছাত্ৰ নেতা ফনী পাঠক সমন্বিতে বহু ব্যক্তিয়ে অসম লোকসেৱা আয়োগৰ নবনিযুক্ত অধ্যক্ষ ভাৰত ভূষন দেব চৌধুৰীক শুভেচ্ছা জনায়।

আৰু পঢ়ক: পিষ্টল সহ দুৰ্ধৰ্ষ ডকাইত আটক

assam bajali apsc