ৰাজ্যত পুনৰ চৰকাৰী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ বিসংগতি …

ৰাজ্যত পুনৰ চৰকাৰী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ বিসংগতি …

author-image
asomiyapratidin
New Update
ৰাজ্যত পুনৰ চৰকাৰী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ বিসংগতি …

ডিজিটেল সংবাদ, চিৰাং, : ৰাজ্যত পুনৰ চৰকাৰী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ বিসংগতি । প্ৰতিদিন গোষ্ঠীৰ ক্ষেত্ৰ ভিত্তিক অনুসন্ধানত ওলাই আহিল বয়সৰ বিসংগতি থকা স্বত্বেও এগৰাকী প্ৰাৰ্থীক শিক্ষকৰ পদত নিযুক্তি দিছে শিক্ষা বিভাগে ।

মাত্ৰ ১৭ বছৰ সাত মাহ বয়সতে চৰকাৰী বিদ্যালয়ত শিক্ষকৰ চাকৰিত নিযুক্তি লাভ কৰিছিল এগৰাকী প্ৰাৰ্থীয়ে । প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত এই বিষ্ফোৰক স্বীকাৰোক্তি অপৈনত বয়সত চৰকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰা এগৰাকী শিক্ষয়িত্ৰীৰ ।

এই কেলেংকাৰী সংঘটিত হৈছে বিচিটিৰ চিৰাং জিলাত । বিসংগতিপূৰ্ণ বয়সত শিক্ষকতাৰ চাকৰি লাভ কৰা শিক্ষয়িত্ৰী গৰাকীৰ নাম ৰুকিয়া খাতুন । বৰ্তমান চিৰাং জিলা সদৰ কাজলগাঁৱৰ সমীপৰ ৭৭০ নং মধ্য ছাতিপুৰ এল পি স্কুলত সহ শিক্ষয়িত্ৰী পদত কৰ্মৰত । দৰাচলতে ৰুকিয়া খাতুন নামৰ এই শিক্ষয়িত্ৰী গৰাকীয়ে ২০০১ চনৰ ৩ মাৰ্চ তাৰিখে নিযুক্তি লাভ কৰিছিল ।

তেখেতৰ জন্ম তাৰিখ ১৬ অক্টোবৰ, ১৯৮৪ ইং । শিক্ষয়িত্ৰী গৰাকীয়ে জনোৱা মতে ২০০১ চনৰ ৩ মাৰ্চ তাৰিখে তাই নিযুক্তি লাভ কৰিছিল আৰু নিযুক্তি লাভ কৰাৰ সময়ত তাইৰ বয়স ১৮ বছৰ পূৰ্ণ হোৱা নাছিল , সেই সময়ত তাইৰ বয়স আছিল ১৭ বছৰ সাত মাহ । ২০০১ চনত চিৰাং জিলাৰে অইন এখন স্কুলত নিযুক্তি লাভ কৰাৰ পিছত ৰুকিয়া খাতুনে আঠ মাহ দৰমহাও লাভ কৰিছিল ।

কিন্তু পৰবৰ্ত্তী সময়ত বিভিন্ন কাৰণত তাইৰ দৰমহা বন্ধ হৈছিল । কিন্তু শেহতীয়াকৈ বিটিচি চৰকাৰৰ শিক্ষা বিভাগৰ সঞ্চালকে ২০২২ চনৰ ১৩ এপ্ৰিল তাৰিখে এই ৰুকিয়া খাতুন নামৰ শিক্ষয়িত্ৰী গৰাকীক ৭৭০ নং মধ্য ছাতিপুৰ এল পি স্কুলত সহ শিক্ষয়িত্ৰী হিচাপে পুণৰ নিযুক্তি প্ৰদান কৰে । শিক্ষয়িত্ৰীৰ গৰাকীৰ এই চাকৰীৰ যোগদান কৰাৰ বয়সৰ বিসংগতি জিলা ট্ৰেজাৰী কাৰ্যালয়ত ধৰা পৰা পিছত ৰুকিয়া খাতুনক ফোনযোগে অৱগত কৰা হৈছিল কিন্তু বিভাগীয় ভাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল ।

বিশেষ সুত্ৰৰ পোম খেদি প্ৰতিদিন গোষ্ঠীৰ সাংবাদিকে ক্ষেত্ৰ ভিত্তিক অনুসন্ধান কৰাত সমগ্ৰ বিষয়টো তথ্য সহকাৰে পোহৰ আনিছে । নিযুক্তি লাভ কৰা শিক্ষয়িত্ৰী গৰাকীৰ বয়সৰ বিসংগতি থকা বিষয়টো শিক্ষা বিভাগে অৱগত হোৱাৰ পিছতো ইমান দিনে শিক্ষা বিভাগে কি কাৰণত মৌনতা অবলম্বন কৰি আছে এয়াই এতিয়া ৰহস্যৰ কাৰণ হৈ পৰিছে । প্ৰতিদিন গোষ্ঠীয়ে এই সমগ্ৰ বিষয়টো বাতৰি আকাৰে পোহৰলৈ অনাৰ পিছত শিক্ষা বিভাগে কি ধৰনে পদক্ষেপ গ্ৰহণ কৰে সেয়াই পৰবৰ্তী সময়ত লক্ষ্যনীয় হ'ব ।

আৰু পঢ়ক: যা, পলা…তাৰ পাছত 'খা'

assam chirang