গছ কটাত বাধা আৰোপ প্ৰকৃতি প্ৰেমীৰ:সংৰক্ষণৰ দাবীত বন বিভাগক আবেদন

গছ কটাত বাধা আৰোপ প্ৰকৃতি প্ৰেমীৰ:সংৰক্ষণৰ দাবীত বন বিভাগক আবেদন

author-image
asomiyapratidin
New Update
গছ কটাত বাধা আৰোপ প্ৰকৃতি প্ৰেমীৰ:সংৰক্ষণৰ দাবীত বন বিভাগক আবেদন

ডিজিটেল সংবাদ,গোৱালপাৰা: গোৱালপাৰা চহৰৰ গীতানগৰৰ চৰকাৰী ভূমিত থকা ৬ জোপা মূল্যবান চেগুন গছ স্থানীয় একাংশ লোকে কাটিব বিচাৰি জিলা বন বিভাগক আবেদন জনোৱাক লৈ প্ৰকৃতি প্ৰেমীৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। শেহতীয়াভাৱে অমল মেধী নামৰ এগৰাকী স্থানীয় প্ৰকৃতি প্ৰেমীয়ে গছ কটাৰ আবেদনৰ বিপৰীতে গছ কটাত বাধা আৰোপ কৰাৰ লগতে গছকেইজোপা সংৰক্ষণৰ বাবে জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ ওচৰত দাবী জানাইছে ।

Advertisment

যোৱা ২৩ জুনত দাখিল কৰা আবেদনখনত প্ৰকৃতি প্ৰেমী অমল মেধিয়ে উল্লেখ কৰা মতে, প্ৰতিবছৰে পাঁচ জুনত বিশ্ব পৰিৱেশ দিৱস পাতি সমগ্ৰ বিশ্বই পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দি বৃক্ষ ৰোপন কৰি আহিছে।বিভাগ তথা অসম চৰকাৰেও কোটি কোটি চৰকাৰী ধন খৰচ কৰি বিভিন্ন এন জি অ'ৰ জৰিয়তে গছ সংৰক্ষণৰ লগতে গছ ৰোপন কৰাৰ জন জাগৰণ সৃষ্টি কৰি পৰিৱেশ ৰক্ষাৰ বাবে উঠিপৰি লাগিছে।

এনে সময়তে এচাম অপ্রকৃতি প্ৰেমী তথা দায়িত্ব জ্ঞানহীন লোকে গোৱালপাৰা চহৰৰ গীতা নগৰ(৭ নং ৱাৰ্ড)ৰ লোক নিৰ্মাণ বিভাগৰ ৰাস্তাৰ দাঁতিৰ খালী ঠাইত লহপহকৈ থকা ৬ জোপা চেগুণ গছ কোনো কাৰণ নোহোৱাকৈ অকল টকা সংগ্ৰহৰ বাবে অন্যায়ভাৱে কাটি বিক্ৰী কৰাৰ অনুমতি বিছাৰি জিলা বন বিভাগক আবেদন কৰা পৰিলক্ষিত হৈছে। পৰিৱেশ ধ্বংসৰ এই অনৈতিক কাৰ্যৰ বাবে উদ্বিগ্ন হৈ পৰা স্থানীয় সচেতন যুৱক তথা প্রকৃতি প্রেমী হিচাপে এই গছ কটা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি অমল মেধিয়ে গছ কেইজোপাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ আবেদনখনত সজোৰ দাবী জনাইছে। তেওঁ আৰু উল্লেখ কৰে যে, অকল টকা সংগ্ৰহৰ কাৰণে গছ কটা কার্যক বন বিভাগে যদি উৎসাহিত কৰে তেন্তে অসম এদিন মৰুভূমিত পৰিণত হ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আবেদনখনত।

উল্লেখযোগ্য যে, ৫ জুন ২০০৫ চনৰ বিশ্ব পৰিৱেশ দিৱসত এক বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰি অমল মেধী আৰু তেওঁৰ কেইজনমান প্ৰকৃতিপ্ৰেমী বন্ধুবৰ্গই জিলা বন বিভাগৰ সহযোগত গীতা নগৰত এশ জোপা বিভিন্ন ফল-মূলৰ লগতে মূল্যবান গছ ৰোপন কৰিছিল। কিন্তু গছ ৰোপন কৰাৰ এবছৰ পিচতে চৰকাৰী ভূমি দখলৰ অপচেষ্টা কৰি একাংশ দুৰ্বৃত্তই গছবোৰ কাটি তহিলং কৰে। অৱশ্যে ৰাস্তাৰ‌ দাঁতিৰ আছুতীয়া ঠাইত উল্লেখিত ছজোপা চেগুন দুৰ্বৃত্তৰ পৰা কোনোমতে ৰক্ষা পৰে।

চেগুন গছকেইজোপাক প্ৰকৃতিপ্ৰেমী অমল মেধিয়ে পৰৱৰ্তী সময়ত ৰক্ষণাবেক্ষণ দি ডাঙৰ-দীঘল কৰে। কিন্তু প্ৰকৃতি আৰু গছৰ মূল্য বুজি নোপোৱা এচাম লোকে আজি কেইবছৰৰ পৰা মূল্যবান গছ কেইজোপাৰ ওপৰত লোলুপ দৃষ্টি পৰে।ইয়াৰ পূৰ্বেও বিভিন্ন অযুহাতত দুবাৰকৈ গছবোৰ কাটি বিক্ৰি কৰিবলৈ উঠিপৰি লাগিছিল। এইক্ষেত্ৰত অমল মেধি আৰু একাংশ সচেতন লোকে ঘোৰ প্ৰতিবাদ কৰাত সেইসময়ত গছবোৰ কোনোমতে ৰক্ষা পৰে।শেহতীয়াকৈ গছকেইজোপা কাটি বিক্ৰি কৰিবলৈ জিলা বন বিভাগক অনুমতি বিচাৰি একাংশ লোকে বন বিভাগক আবেদন‌ কৰিছে।

এই ক্ষেত্ৰত গছকেইজোপাৰ সুৰক্ষাৰ বাবে বিহিত ব্যৱস্থা লোৱাৰ বাবে প্ৰকৃতিপ্ৰেমী অমলে বুধবাৰে পুনৰ সংবাদ মাধ্যমৰ জৰিয়তে বন বিভাগক দাবী জনাইছে। তেওঁ সংবাদ মাধ্যমক জানিব দিয়া মতে ৰাস্তাৰ দাঁতিত থকা এই গছকেজোপাত দীৰ্ঘদিন ধৰি বিভিন্ন থলুৱা চৰাই-চিৰিকিতিয়ে বাহ সাজি আশ্ৰয় লৈ আহিছে।তদুপৰি একালৰ গছ-গছনীৰে ভৰপুৰ গীতা নগৰত বৰ্তমান গছ বুলিবলৈ এই ছয় জোপা গছ-গছনিৰ ছাঁৰ তলতে গ্ৰীষ্মকালীন বাটৰুৱাই জিৰণী লোৱা একমাত্ৰ স্থান।গছকেইজোপা কাটি ধ্বংস হ'লে পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি তেওঁ দাবী কৰিছে।

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…

goalpara assam