স্মাৰ্ট চিটীৰ নামত ব্যয় হোৱা ৩৬৪ কোটি টকাৰ আঁৰত বৃহৎ কেলেংকাৰীৰ অভিযোগ ‘আপ’ অসমৰ…

স্মাৰ্ট চিটীৰ নামত ব্যয় হোৱা ৩৬৪ কোটি টকাৰ আঁৰত বৃহৎ কেলেংকাৰীৰ অভিযোগ ‘আপ’ অসমৰ…

author-image
asomiyapratidin
New Update
স্মাৰ্ট চিটীৰ নামত ব্যয় হোৱা ৩৬৪ কোটি টকাৰ আঁৰত বৃহৎ কেলেংকাৰীৰ অভিযোগ ‘আপ’ অসমৰ…

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে গণেশগুৰিস্থিত আম আদমী পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত আম আদমী পাৰ্টীৰ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক জিতুল ডেকাই কেন্দ্ৰীয় চৰকাৰে দেশৰ ১০০খন মহানগৰক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ বাবে যি আঁঁচনি গ্ৰহণ কৰিছিল সেই সন্দৰ্ভ মন্তব্য কৰে। তেওঁ অধিক তথ্য সদৰী কৰি কয় যে, "২০১৬ চনৰ পৰা ২০২২ চনৰ জুলাই মাহলৈ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নামত মুঠ ৩৬৪.২১ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰে কেন্দ্ৰৰ অংশ ১৯৬ কোটি আৰু ৰাজ্য চৰকাৰৰ অংশ ১৬৮.২১ কোটি টকা। কিন্তু স্মাৰ্ট চিটীৰ নামৰ যি পুঁজি ব্যয় কৰা হৈছে তাৰ সুফল ৰাইজে পোৱা নাই আৰু যিবোৰ শিতানত এই পুঁজি ব্যৱহাৰ কৰা হৈছে সেয়াও সন্দেহৰ আৱৰ্তত।"

Advertisment

ইয়াৰ উপৰিও তেওঁ কয় যে তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত লাভ কৰা তথ্য অনুসৰি গুৱাহাটীৰ স্মাৰ্ট চিটী প্ৰকল্পত পুঁজি ব্যয়ৰ শিতান দেখিলে গুৱাহাটীবাসী হতচকিত হ'ব। কিন্তু কাৰ্যক্ষেত্ৰত এই টকা ক'ত কিদৰে ব্যয় হৈছে তাৰ কোনো চিন-মোকাম নাই।

আনহাতে স্মাৰ্ট চিটীৰ ২০০ কোটি টকা ইলেকট্ৰিক বাছ ক্ৰয় কৰাৰ নামত দেখুৱা হৈছে। ব্ৰহ্মপুত্ৰৰ বিভাৰ ফ্ৰন্ট প্ৰজেক্টৰ শিতানত এতিয়ালৈ ৩৩ কোটি টকা ব্যয় কৰা দেখুওৱা হৈছে। প্ৰজেক্ট জ্যোতি আঁচনিত দহ হাজাৰ ষ্ট্ৰীটলাইট লগোৱাৰ নামত ইতিমধ্যে খৰচ কৰিছে ২.৩৪ কোটি টকা। ঠিক তেনেদৰে জজ খেলপথাৰ উন্নয়নৰ নামত ২.৬ কোটি টকা, গুৱাহাটী পৌৰ নিগমক আকৌ ৩৭ লাখ স্মাৰ্ট চিটী পুঁজিৰ পৰা আদায় দিয়া, স্মাৰ্ট বায়'ৰ নামত ৮.৩১ কোটি টকা আৰু ২০ টা এনি টাইম ৱাটাৰ মেচিন স্থাপনৰ নামত ২.৫৫ কোটি টকা খৰচ কৰা হৈছে।

স্মাৰ্ট চিটীৰ নামত এনেদৰে ব্যয় হোৱা ৩৬৪ কোটি টকাৰ আঁৰত বৃহৎ কেলেংকাৰী সংঘটিত হৈ আছে বুলি অভিযোগ কৰি আপ অসমে স্মাৰ্ট চিটীৰ পুঁজি ব্যয়ৰ পুংখানুপুংখ হিচাপ আৰু প্ৰতিটো শিতানৰ কামৰ বৰ্তমানৰ অৱস্থা তদন্ত কৰিবলৈ দাবী জনায়। এই সংবাদমেলত আপ অসমৰ ৰাজ্যিক নেতৃত্ব ক্ৰমে লক্ষ্মীকান্ত দুবে আৰু হেমন্ত ফুকন উপস্থিত থাকে।

আৰু পঢ়ক : আজি ভাৰত জিম্বাবাৱে'ৰ প্ৰথম এদিনীয়া …

assam aap press conference