তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ন হ’ব লগা সকলৰ বাবে ভাল খবৰ…

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ন হ’ব লগা সকলৰ বাবে ভাল খবৰ…

author-image
asomiyapratidin
New Update
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ন হ’ব লগা সকলৰ বাবে ভাল খবৰ…

ডিজিটেল ডেস্ক: তৃতীয় বৰ্গ আৰু চতু্ৰ্থ বৰ্গৰ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ন হোৱাৰ সহায়ক হোৱা এটা এপ মুকলি কৰা হ'ল গহপুৰত। তৃতীয় বৰ্গ আৰু চতু্ৰ্থ বৰ্গৰ চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ সকলো সুবিধা উপলব্ধ হোৱা এপটোৰ নাম AEUDO.COM।

Advertisment

Google ত উপলব্ধ উক্ত এপটোত লগ ইন কৰিলে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা অনলাইন শিক্ষা গ্ৰহন কৰিব পাৰিব তৃতীয় বৰ্গ আৰু চতু্ৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে। গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখৰ অফিচাৰ ক্লাৱত অনুষ্ঠিত এখন সভাত AEUDO.com application টো আনুষ্ঠানিক ভাবে মুকলি কৰে গহপুৰ মহকুমাৰ মহকুমাধিপতি দ্বীপন বৰ্মনে।

AEUDO অৰ্থাৎ All Educated Unemployed Development Organization Application টোত মাত্ৰ ২০০ টকা মাচুল প্ৰদানেৰে তৃতীয় বৰ্গ আৰু চতু্ৰ্থ বৰ্গৰ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ন হ'ব বিচৰা প্ৰাৰ্থী সকলে সম্পুৰ্ন প্ৰশিক্ষন গ্ৰহণ কৰিব পাৰিব।

আৰু পঢ়ক: যুৱতী সহ চাৰি ড্ৰাগছ আসক্তক কৰায়ত্ব…

assam gohpur app launch