পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সমদলত স্তব্ধ মহানগৰী, বিকল্পৰ আশাত সদস্য নোহোৱাকৈ ওলাই আহিল বহু লোক

পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সমদলত স্তব্ধ মহানগৰী, বিকল্পৰ আশাত সদস্য নোহোৱাকৈ ওলাই আহিল বহু লোক

author-image
asomiyapratidin
New Update
পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সমদলত স্তব্ধ মহানগৰী, বিকল্পৰ আশাত সদস্য নোহোৱাকৈ ওলাই আহিল বহু লোক

ডিজিটেল ডেস্ক: গুৱাহাটী পৌৰনিগম নিৰ্বাচন সমাগত। বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত গুৱাহাটী মহানগৰীত আপ আদমী পাৰ্টীক দেখা গ'ল এক নতুন ৰূপত।

Advertisment

পঞ্জাৱ দখল কৰাৰ পাছতেই গুজৰাট দখলৰ লক্ষ্য বান্ধি লোৱা আপে অসমত নতুন ৰাজনৈতিক সূচনা আৰম্ভ কৰাৰ দিশে। অসমত কোনো ধৰণৰ বিশেষ অস্তিত্ব নথকা আপে পৌৰসভা নিৰ্বাচনতো অসমত ২ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পাছতেই গুৱাহাটী পৌৰনিগম নিৰ্বাচনত প্ৰায় ৩৯ টা ৱাৰ্ডত প্ৰাৰ্থী আগবঢ়াই আপে। নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত আজি গুৱাহাটীত আপৰ ধুমুহাই সৃষ্টি কৰিলে এক আলোড়নৰ।

একাংশ সমৰ্থকক লগত লৈ গুৱাহাটীৰ বিভিন্ন ঠাইন নিৰ্বাচনী ৰেলী চলালে আম আদমী পাৰ্টীয়ে। এই সময়চোৱাত দেখা গ'ল দিল্লীৰ পৰা অহা আপৰ নেত্ৰী অতিশীয়ে। গুৱাহাটীৰ বিভিন্ন স্থানত হোৱা বিশাল ৰ'ড শ্ব'ত দেখা গ'ল আপৰ বৃহত সমৰ্থক।

কংগ্ৰেছ ৰাজ্যৰ ৰাজনীতিৰ পৰা নোহোৱা হৈ যোৱাৰ উপক্ৰম হোৱাৰ সময়তে ভুমুকি মাৰিছে আপে। হয়তো বিকল্পৰ সন্ধান কৰা ৰাইজৰ বাবে অথবা বিজেপিৰ বাবে আপ লাহে লাহে হৈ পৰিব প্ৰত্যাহ্বান স্বৰূপ।

assam guwahati aap