ভুল স্বীকাৰ এপিডিচিএলৰ: অতিৰিক্ত বিদ্যুৎ বিল সামঞ্জস্য ৰাখি মিলাই দিয়াৰ প্ৰতিশ্ৰুতি...

আপোনাৰ বিদ্যুতৰ বিল বেছিকৈ আহিছিল নেকি? তেন্তে যোগাযোগ কৰক বিশেষ নম্বৰত।

author-image
Asomiya Pratidin
New Update
ভুল স্বীকাৰ এপিডিচিএলৰ: অতিৰিক্ত বিদ্যুৎ বিল সামঞ্জস্য ৰাখি মিলাই দিয়াৰ প্ৰতিশ্ৰুতি...

apdcl

ডিজিটেল ডেস্ক: আপোনাৰ বিদ্যুতৰ বিল বেছিকৈ আহিছিল নেকি? অৱশেষত এপিডিচিএলে নিজৰ ভুলৰ কথা স্বীকাৰ কৰি বিদ্যুতৰ বিলৰ সন্দৰ্ভত কোনো অভিযোগ থাকিলে এটা নম্বৰত ফোন কৰিবলৈ নতুন বিজ্ঞাপন প্ৰকাশ কৰিছে।

উল্লেখ্য যে, দুগুণতকৈ অধিক বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ ফলত এপিডিচিএলে স্মাৰ্ট মিটাৰৰ বাবে এনে হোৱা নাই বুলি আন এক বিজ্ঞাপন দিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ তৎপৰতা প্ৰদৰ্শন কৰাৰ পাছত এপিডিচিএে স্বীকাৰ কৰিলে এনে সমস্যা সমূহ সৃষ্টি হ'লে তেওঁলোকে সেই ক্ৰুতিপূৰ্ণ মিটাৰ সলনি কৰি দিব তৎক্ষণাৎ।

বিজ্ঞাপনটোত ১৯১২ নম্বৰত গ্ৰাহকক অভিযোগ দাখিল কৰিবলৈ ফোন আৰু ৭৫৭৫৯৯৯৬৬৬ নম্বৰত হোৱাটছএপ যোগে বাৰ্তা প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। লগতে প্ৰতিশ্ৰুতি দিছে যে যদি অতিৰিক্ত বিলিং হৈছে অচিৰেই সামঞ্জস্য ৰাখি সেই বিল মিলাই দিয়া হ'ব।

assam apdcl himanta biswa sama