অসম বিধানসভালৈ আহি গৌৰৱ গগৈয়ে অসম চৰকাৰৰ সিদ্ধান্তক জনালে আদৰণি

পাকিস্তানৰে সংযোগ ৰক্ষাৰ অভিযোগৰ মাজতেই আজি অসম বিধানসভাত প্ৰৱেশ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি, লোকসভাৰ উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
অসম বিধানসভালৈ আহি গৌৰৱ গগৈয়ে অসম চৰকাৰক সিদ্ধান্তক জনালে আদৰণি

ডিজিটেল ডেস্কঃ পাকিস্তানৰে সংযোগ ৰক্ষাৰ অভিযোগৰ মাজতেই আজি অসম বিধানসভাত প্ৰৱেশ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি, লোকসভাৰ উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। অসম বিধানসভাত আজি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা এদিনীয়া বিশেষ অধিবেশনত দৰ্শক হিচাপে বিধানসভাৰ অধ্যক্ষৰ অতিথি গেলেৰীত উপস্থিত থাকে তেওঁ।

Advertisment

তাৰ পিছতেই অসম বিধানসভাৰ বাহিৰত গৌৰৱ গগৈয়ে সাংবাদিকৰ সন্মুখত উপস্থিত হয় আৰু ডিব্ৰুগড়ৰ বিমানবন্দৰৰ নাম সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ সিদ্ধান্তক আদৰণি জনায়। অৱশ্যে কেৱল বিমান বন্দৰৰ নাম সলনি কৰাতে সীমাবদ্ধ নাথাকি বিমানবন্দৰটোৰ অন্যান্য সমস্যা সমাধানতো চৰকাৰে চকু দিব বুলি আশা প্ৰকাশ কৰে। তেওঁ সন্ধিয়াৰ পিছত ডিব্ৰুগড়ৰ সৈতে গুৱাহাটীৰ বিমান যোগাযোগ নথকাৰ বিষয়টোও উনুকিয়াই দিয়ে।

ইফালে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীকো তেওঁ কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলৰ সৈতে সৌজন্যমূলক সাক্ষাত কৰে। ইফালে আজি অসম বিধানসভালৈ আগমণ ঘটে ৰাজ্যৰ প্ৰাক্তন মু্খ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰো।

তেওঁক গৌৰৱ গগৈৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ এক উত্তৰ দিবলৈ গৈ কয়, গৌৰৱ গগৈয়ে অধ্যক্ষৰ অনুমতি লৈ বিধানসভাৰ গেলাৰীলৈ আহিছে। কংগ্ৰেছে যিমান চেষ্টা কৰিলেও অসমৰ ৰাইজৰ অন্তৰ জয় কৰিব নোৱাৰে।

উল্লেখ্য আজি অসম বিধানসভাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সন্মানাৰ্থে অনুষ্ঠিত হয় এক বিশেষ অধিবেশন। এই অধিবেশনতেই ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী পালন কৰাৰ সন্দৰ্ভত আলোচনা কৰে। অহা ৮ ছেপ্টেম্বৰৰ পৰ বছৰযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব 'ভাৰত ৰত্ন' ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী।

ড০ ভূপেন হাজৰিকা সৰ্বানন্দ সোণোৱাল অসম বিধানসভা গৌৰৱ গগৈ