প্ৰেমজনিত কাৰণ নে ঘৰৰ মালিকৰ অবৈধ সম্পৰ্ক! কি কাৰণে ওলমি ৰ'ল ধেমাজিৰ যুৱতীৰ মৃতদেহ ?

প্ৰেমজনিত কাৰণ নে ঘৰৰ মালিকৰ অবৈধ সম্পৰ্ক! কি কাৰণে ওলমি ৰ'ল ধেমাজিৰ যুৱতীৰ মৃতদেহ ?

ডিজিটেল ডেস্কঃ ধেমাজিৰ যুৱতী অনুষ্কা শইকীয়াৰ মৃত্যু সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ভাড়াঘৰত আত্মহত্যা নে কোনোৱে হত্যা কৰিলে অনুষ্কাক তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

দেওবাৰে অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়াঘৰত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। প্ৰায় এটা বছৰ পূৰ্বে গুৱাহাটীলৈ অহা অনুষ্কাই এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল।

গুৱাহাটীত বনকৰা মহিলা জোন বৰাৰ সৈতে একেলগে ভাড়াঘৰত আছিল অনুষ্কা। পৰিয়ালৰলোকে দাবী কৰা অনুসৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড। অনুষ্কাৰ পৰিয়ালৰ লোকে কয় যে, এয়া জোন বৰা আৰু ঘৰৰ মালিকৰ পৰিকল্পিক কাণ্ড। অভিযোগ অনুসৰি জোন বৰা আৰু ঘৰৰ মালিকৰ মাজত আছিল অবৈধ সম্পৰ্ক। এই সম্পৰ্কে অনুষ্কাই মাতৃক অৱগত কৰিছিল। ইয়াৰ বাবে অনুষ্কাক হত্যা কৰা বুলি কয় মাতৃয়ে।

আনহাতে অনুষ্কাৰ পৰিয়ালৰ আন এগৰাকী সদস্যই কয় যে, ঘৰৰ মালিক আৰু বনকৰা মহিলাৰ কথাৰ মাজত নাই কোনো মিল। জোন বৰাই পুৱা ৭ বজাতে মৃতদেহ প্ৰত্যক্ষ কৰা বুলি কৈছিল যদিও ঘৰৰ মালিকে কৈছে যে তেওঁ ১০ বজাতহে এই বিষয়ে জানিছিল বুলি কয়।

আনহাতে আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি প্ৰেমজনিত কাৰণত অনুষ্কাই চৰম পন্থা ল'ব পাৰে। ৰাহুল শইকীয়া নামৰ যুৱকজনৰ লগত আছিল অনুষ্কাৰ প্ৰেমৰ সম্পৰ্ক। একাংশৰ মতে শনিবাৰে নিশা ৰাহুল আৰু অনুষ্কাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। আৰু তাৰপিছদিনাই মৃতদেহ উদ্ধাৰ হৈছিল অনুষ্কাৰ। অৱশ্যে ৰাহুলৰ বিৰুদ্ধে অনুষ্কাৰ পৰিয়ালে কোনো সন্দেহ ব্যক্ত কৰা নাই। অনুষ্কা আৰু ৰাহুলৰ সম্পৰ্কৰ বিষয়ে জ্ঞাত আছিল পৰিয়ালৰ লোক।

ইতিমধ্যে আৰক্ষীয়ে জোন বৰাক লৈ জেৰা অব্যাহত ৰাখিছে। জেৰাত জোন বৰাই মুখ খোলে নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

এয়া হত্যা নে আত্মহত্যা,এতিয়াও এয়া এক ৰহস্য। অনুষ্কা শইকীয়াৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত সত্য।

প্ৰেমজনিত কাৰণ নে ঘৰৰ মালিকৰ অবৈধ সম্পৰ্ক! কি কাৰণে ওলমি ৰ'ল ধেমাজিৰ যুৱতীৰ মৃতদেহ ?
খেল মহাৰণৰ নামত বিশ্বনাথ জিলাত লাখ লাখ টকাৰ কেলেংকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in