/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/anupam-nath.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে বিশিষ্ট ফটো সাংবাদিক অনুপম নাথলৈ আগৱঢ়োৱা হয় ২০২১ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। অনুপম নাথে নীলাচল নামৰ সাপ্তাহিকখনত প্ৰথম ফটো সাংবাদিক হিচাপে ১৯৯৫ চনত কৰ্মজীৱন আৰম্ভ কৰিছিল।
পৰৱৰ্তী সময়ত তেওঁ আমাৰ অসম কাকতত ষ্টাফ ফটোগ্ৰাফাৰ হিচাপে যোগদান কৰে। ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সন্মান আহৰণ কৰিবলৈ সক্ষম হোৱা অনুপম নাথে ২০১৭ চনত টাইম মেগাজিনৰ ১০০ জন শ্ৰেষ্ঠ ফটো সাংবাদিকৰ অন্যতম হিচাপে নিৰ্বাচিত হৈছিল।
বৰ্তমান এছ'ছিয়েট প্ৰেছৰ ষ্টাফ ফটো সাংবাদিক হিচাপে তেওঁ কৰ্মৰত। ক'ভিড ১৯ ৰ সংহাৰৰ সময়ত অনুপম নাথে যথেষ্ট সাহসিকতাৰে কেইবাখনো সংবেদনশীল ফটো সংগ্ৰহ কৰিছিল। উল্লেখ্য যে প্ৰয়াত সাংবাদিক, বিশিষ্ট মানৱাধিকাৰ কৰ্মী পৰাগ দাসৰ ওপজা দিন ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰা হ'ব এই বঁটা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us