৩৬ দিনত ৩১ খন জিলাত ড্ৰাগছ বিৰোধী অভিযান চন্দ্ৰ বাহাদুৰ পৌড়েলৰ

৩৬ দিনত ৩১ খন জিলাত ড্ৰাগছ বিৰোধী অভিযান চন্দ্ৰ বাহাদুৰ পৌড়েলৰ

ডিজিটেল সংবাদ, চিলাপথাৰঃ ধেমাজি জিলাৰ চিলাপথাৰ চিলাসূতিৰ খৰ্গ বাহাদুৰ পৌড়েল আৰু চেবন্তী দেৱীৰ পুত্ৰ চন্দ্ৰ বাহাদুৰ পৌড়েলৰ বিশেষ পদক্ষেপ। যুৱ প্ৰজন্মক ড্ৰাগছ সেৱনৰ অপকাৰৰ বিষয়ে সজাগ কৰাৰ লগতে সুস্থ ভাৰত, নিচামুক্ত ভাৰত আৰু সেউজ ভাৰত গঢ়াৰ শ্লোগানৰে চলালে এক চাইকেল যাত্ৰা।

গহপুৰৰ পৰা আৰম্ভ কৰা সজাগতা যাত্ৰাত ৩৬ দিনত ব্ৰহ্মপুত্ৰ পৰা বৰাকলৈকে অসমৰ ৩১খন জিলাৰ প্ৰায় ৬০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰে যুৱকজনে। বৰ্ষাবিঘ্নিত কন্টকময় যাত্ৰা কালত বৰবিহ ড্ৰাগচৰ পৰা যুৱ প্ৰজন্মক আঁতৰি থাকিবলৈ আহ্বান জনালে।

যাত্ৰাকালত সাক্ষাত পোৱা শীৰ্ষ আৰক্ষী বিষয়া আনন্দ মিশ্ৰই এই কাৰ্যৰ বাবে প্ৰশংসা কৰাৰ লগতে তেওঁক উৎসাহিত কৰি 'PETROLER' লিখিত এক বেজ প্ৰদান কৰে।

সম্পূৰ্ণ নিজা গাঁঠিৰ ধন ভাঙি সম্পন্ন এই অভিযানৰ সামৰি শনিবাৰে গাঁওখনত উপস্থিত হোৱা যুৱকজনক ৰাইজে জনাই বিশাল সম্বৰ্ধনা। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আদৰি আনি স্থানীয় হৰি মন্দিৰত ফালৰ মালা,টুপি,ফুল চন্দনৰ তিলক আৰু ফুলাম গামোচাৰে আদৰনি জনায়।

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত প্ৰাক্তন আগছু নেতা ৰাজেন ছেত্ৰী,তাৰানিধি শৰ্মা,চাজন চেত্ৰী,সমাজকৰ্মী মি'ন বাহাদুৰ চেত্ৰী,সঞ্জীৱ উপাধ্যায়,অঞ্জু দেৱীৰ লগতে গোৰ্খা জনগোষ্ঠীয় সংগঠনৰ বহু কৰ্মকৰ্তাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

৩৬ দিনত ৩১ খন জিলাত ড্ৰাগছ বিৰোধী অভিযান চন্দ্ৰ বাহাদুৰ পৌড়েলৰ
লালুং তিনিআলিৰ ১৫ নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা : দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত দুজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in