লালুং তিনিআলিৰ ১৫ নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা : দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত দুজন...

লালুং তিনিআলিৰ ১৫ নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা : দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত দুজন...

ডিজিটেল সংবাদ, লালুং : শণিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত লালুং তিনিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । শ্ৰীপানীৰ দিশৰ পৰা গৈ থকা এ এচ ২২ এফ ২২১০ নম্বৰৰ ক'লা ৰঙৰ বাজাজ পালচাৰ মটৰচাইকেল খনৰ লগত বিপৰীত দিশৰ পৰা আহি থকা নীলা ৰঙৰ এ এচ ২২ এফ ৭৮৫৬ নম্বৰৰ য়ামাহা আৰ১৫ মটৰচাইকেলখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত তিনিজন যুৱক গুৰুত্বৰভাৱে আহত হয় ।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, দুয়োখন মটৰচাইকেল চুৰ্ণ বিচুৰ্ণ হৈ যায় । ঘটনাস্থলীত চিচিবৰগাঁও আৰক্ষী উপস্থিত হৈ তিনিওজনকে ততাতৈয়াকৈ ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পালচাৰ খনৰ আৰোহী মৰিধল গণক গাঁৱৰ কিৰণ দত্ত আৰু য়ামাহা খনৰ আৰোহী গুৱালচাপৰিৰ সীমান্ত গগৈ নামৰ যুৱক দুজনৰ মৃত্যু হয় । আনহাতে গুৰুতৰভাৱে আহত গুৱাল চাপৰিৰ দেৱজিৎ গগৈ নামৰ যুৱকজনৰ অৱস্থা সংকতজনক বুলি জানিব পৰা গৈছে ।

লালুং তিনিআলিৰ ১৫ নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা : দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত দুজন...
নিজৰ আৱক্ষ মূৰ্তি আৰু সংগ্ৰহালয় চাই আপ্লুত হৈ পৰিল মহীৰূহ ড০ নগেন শইকীয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in