মঙলদৈ অসামৰিক চিকিৎসালয়ত বদলি হৈ অহা চিকিৎসকক যোগদানত বাধা প্ৰদান...

চিকিৎসালয়খনত এইবাৰ বদলিত অহা চিকিৎসকক যোগদানত বাধা দিয়াৰ অভিযোগ যুটীয়া স্বাস্থ্য সঞ্চালকৰ বিৰুদ্ধে

author-image
Asomiya Pratidin
New Update
মঙলদৈ অসামৰিক চিকিৎসালয়ত বদলি হৈ অহা চিকিৎসকক যোগদানত বাধা প্ৰদান...

ডিজিটেল সংবাদ,‌ মঙলদৈ : বিতৰ্কই যেন লগ নেৰিব মঙলদৈ অসামৰিক চিকিৎসালয়খনক। দৰং জিলাৰ এক মাত্ৰ আগশাৰীৰ চিকিৎসালয় মঙলদৈ অসামৰিক চিকিৎসালয়খনত এটাৰ পিছত এটা বিতৰ্কই যেন চিকিৎসালয়খনৰ নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে।

Advertisment

অসামৰিক চিকিৎসালয়খনত এইবাৰ বদলিত অহা চিকিৎসকক যোগদানত বাধা দিয়াৰ অভিযোগ যুটীয়া স্বাস্থ্য সঞ্চালকৰ বিৰুদ্ধে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ধূলা কাণ্ডৰ সৈতে জড়িত হৈ মৰণোত্তৰ পৰীক্ষাৰ ভুল তথ্য দি নিলম্বন হৈ আছিল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসক ক্ৰমে অনুপম শৰ্মা, অজন্তা বৰদলৈ আৰু অৰুণ ডেকা ।

তিনিগৰাকীকৈ চিকিৎসকৰ নিলম্বনে চিকিৎসাখনত ৰোগী সকলৰ চিকিৎসাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সৃষ্টি কৰিছিল। আনকি মঙলদৈ চিকিৎসালয়ত এনাষ্টেচিয়া, চাৰ্জাৰী বিভাগৰ চিকিৎসকৰ অভাৱত যোৱা প্ৰায় ১৫ দিনে সাধাৰণ ৰোগীৰ অস্ত্ৰোপচাৰ বন্ধ হৈ আছে ।

এই তিনি চিকিৎসকৰ পৰিৱৰ্তে আন দুগৰাকী ক্ৰমে বিজয় কুমাৰ ভট্টাচাৰ্য আৰু নৃপেন কুমাৰক যোৱা ২৮ নৱেম্বৰতে স্বাস্থ্য বিভাগে যোগদানৰ নিৰ্দেশ কৰে। কিন্তু বিশেষ এক অজ্ঞান কাৰণত বৰ্তমানলৈকে দুয়োগৰাকী চিকিৎসকক চার্জ অৰ্পণ কৰা নাই।

কিন্তু ইমানৰ পিছতো বদলি হৈ অহা দুই চিকিৎসকক চার্জ অৰ্পন নকৰা বিষয়কলৈ অন্য এক ৰহস্য লুকাই থকাৰ সন্দেহ ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ সন্থাই। আনফালে যুতীয়া স্বাস্থ্য সঞ্চালকে বাৰম্বাৰ বিভাগত তথা চৰকাৰক বিষয়টি অৱগত কৰি আহিছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

আৰু পঢ়ক : পথালি পাহাৰৰ ৰে'লপথৰ কাষত উদ্ধাৰ মৃতদেহ...

assam mangaldoi mangaldoi civil hospital