ওদালগুৰিত কৃতি ছাত্ৰ-ছাত্ৰীলৈ আনন্দ ৰাম বৰুৱা বটাঁ প্ৰদান...

জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত বটাঁ প্ৰদান কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত কৃতি ছাত্ৰ-ছাত্ৰীলৈ আনন্দ ৰাম বৰুৱা বটাঁ প্ৰদান...

ডিজিটেল সংবাদ,ওদালগুৰিঃ সমগ্ৰ অসমৰ লগতে ওদালগুৰিতো কৃতি ছাত্ৰ ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বটা প্ৰদান কৰা হয়। ওদালগুৰি জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি এই বটাঁ প্ৰদান কৰে ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই। তেওঁ ছাত্ৰ ছাত্ৰী সকলক কৃতিত্বৰ বাৱে শুভেচ্ছা জনাই প্ৰজ্ঞা আৰু সাধনাৰে লক্ষত উপনীত কৰোৱাৰ লগতে পৰিয়ালৰ সপোন বোৰকলৈ জীৱনৰ ৰামধেনু আকিবলৈ আহ্বান জনায়।

Advertisment

অনুষ্ঠানত মাজবাট সমষ্টিৰ বিধায়ক, বি টি আৰৰ কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰী আৰু দাওবৈচা বড়োৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহন কৰে।অনুষ্ঠানত ওদালগুৰি জিলাৰ মুঠ ৩৯৪ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক বটাঁ প্ৰদান কৰা হয়।

bimal bora udalguri