/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3097f022-70a5-4536-8d65-758aed5759ac/muradol.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপীয়াৰ মুঢ়াদল সমবায় সমিতিৰ কাৰ্য্যালয় প্ৰাঙ্গনত বৃহস্পতিবাৰে মুঢ়াদল সমবায় সমিতি লিমিটেডৰ ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। মুঢ়াদল সমবায় সমিতিৰ সভাপতি নৰবাহাদুৰ বনিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সম্পাদক তপন শৰ্মাই।
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱী, উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, দক্ষিণ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দীলিপ সেনাপতিয়ে। বাৰ্ষিক সাধাৰণ সভাৰ বিস্তৃত কাৰ্যসূচীৰ আৰম্ভণিতে বিগত বৰ্ষৰ সাধাৰণ সভাৰ কাৰ্য্যবিৱৰণী পাঠ আৰু সৰ্ব্বসন্মতি ক্ৰমে গৃহীত হয়৷
সঞ্চালক মণ্ডলীৰ হৈ সম্পাদকৰ বাৰ্ষিক কাৰ্য্যকৰী প্ৰতিবেদন পাঠ আৰু গ্ৰহণ, ২০২২-২৩ বৰ্ষৰ সমিতিৰ বছৰেকীয়া হিচাব দাখিল ও উদ্ধৃত পত্ৰ আলোচনা আৰু গ্ৰহণ কৰা হয়৷ ২০২২-২৩ বৰ্ষৰ আভ্যন্তৰীণ হিচাব পৰীক্ষকৰ প্ৰতিবেদন পাঠ আৰু গ্ৰহণৰ পিচতে ২০২৩-২৪ বৰ্ষৰ মুঢ়াদল সমবায় সমিতিৰ সৰ্ব্বোচ্চ ঋণ গ্ৰহণৰ সীমা নিৰ্দ্ধাৰণ, বাজেট গ্ৰহণ, আৰু সমিতিৰ ২০২৩-২৪ বৰ্ষৰ আভ্যন্তৰীণ হিচাব পৰীক্ষক নিয়োগ লগতে পাৰিতোষিক নিৰ্দ্ধাৰণ, উপবিধি গ্ৰহণ ও সংশোধনৰ বিয়য় আৰু সমিতিৰ কৰ্মচাৰীৰ সেৱা বিধি গ্ৰহণ সম্পৰ্কেও আলোচনা কৰা হয়।
সভাই মূঢ়াদল সমবায় সমিতি লিমিটেডৰ প্ৰতিলিপি জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, শোণিতপুৰ জিলা সমবায় সমিতিসমূহৰ উপ-পঞ্জীয়কলৈ প্ৰেৰন কৰে। সভাত অঞ্চলটোৰ জেষ্ঠ ব্যক্তিসকলৰ লগতে মূঢ়াদল সমবায় সমিতি খনৰ সকলো অংশীদাৰ সদস্য উপস্থিত থাকে ।
Also Read: শুকুৰ আলি !