সমন্বয়ৰ বাৰ্তাৰে বোকাখাত জাতীয় বিদ্যালয়ৰ বাৰ্ষিক গীত মাতৰ গধূলি...

author-image
Asomiya Pratidin
New Update
সমন্বয়ৰ বাৰ্তাৰে বোকাখাত জাতীয় বিদ্যালয়ৰ বাৰ্ষিক গীত মাতৰ গধূলি...

ডিজিটেল সংবাদ, বোকাখাত : জাতীয় বিদ্যালয় সত্বাৰ অন্যতম অংশীদাৰ বোকাখাতৰ অগ্ৰণী শিক্ষানুষ্ঠান বোকাখাত জাতীয় বিদ্যালয়ৰ বাৰ্ষিক 'গীত-মাতৰ গধূলি ২০২২' শীৰ্ষক অনুষ্ঠানটি বৰ্নাঢ্য কাৰ্যসূচীৰে যোৱা ২৯ অক্টোবৰ তাৰিখে সম্পন্ন হৈ যায়।

Advertisment

এই অনুষ্ঠানটিয়ে জাতীয় জীৱনত এক গভীৰ ৰেখাপাত বহন কৰা পৰিলক্ষিত হোৱা দেখা গৈছে। যি সময়ত অসম তথা দেশৰ মাজত অসাংস্কৃতিক, সাম্প্ৰদায়িক,কু-সংস্কাৰ আৰু বিভাজনকামী পৰিৱেশ বিৰাজ কৰিছে তেনে সময়ত আধুনিক বিজ্ঞান মনষ্ক, সমন্বয় সংস্কৃতিৰ শিক্ষাৰে নিজ মাতৃভাষাৰ প্ৰতি অতি দায়বদ্ধতাৰে শৈক্ষিক কৰ্মসূচী নিয়মীয়াকৈ পৰিচালনা কৰি আহিছে বোকাখাত জাতীয় বিদ্যালয়ে।

ইয়াৰ অন্তৰ্গত বাৰ্ষিক কাৰ্যসূচী হিচাপে "গীত-মাতৰ গধূলি ২০২২"য়ে এক অভুতপূৰ্ব নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে এক গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠদেৱ শৰ্মা, বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা, বিশিষ্ট অভিনেতা নিপন গোস্বামী, সদৌ অসম লেখিকা সমাৰোহৰ প্ৰাক্তন সভাপতি অন্নদা শইকীয়া আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গোবিনচন্দ্ৰ দলে, সক্ৰিয় সংবাদকৰ্মী প্ৰদ্যুৎ মহন্তক এগছি বন্তি প্ৰজ্বলনেৰে আৰু এক মিনিট মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধা নিবেদন কৰে কৰে প্ৰয়াস অধ্যয়ন চক্ৰৰ বিশিষ্ট লেখিকা নীজৰা বৰঠাকুৰে।

এই গাম্ভীয্যপূ্ৰ্ণ অনুষ্ঠানটিতে বিদ্যালয়ৰ বাৰ্ষিক আলোচনী "ৰ'দালী' আৰু বিদ্যালয় ছাত্ৰাবাসৰ আলোচনী ' যাত্ৰা ' পঞ্চম খণ্ড টি উন্মোচন কৰে কমাৰগাঁও কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা, প্ৰয়াস কাব্যকাননৰ সঞ্চালক তথা আবৃত্তিৰত্ন ড' গায়ত্ৰী বৰা কাকতিয়ে ।

আনহাতে এই ' গীত-মাতৰ গধূলি'ৰ মঞ্চ উদ্বোধন কৰে কাজিৰঙাৰ সাংস্কৃতিক তথা নাৰী সবলীকৰণৰ সক্ৰিয় কৰ্মী ৰূপজ্যোতি শইকীয়াই। ইয়াৰ লগতেই মঞ্চত উপবিষ্ট জ্যেষ্ঠ সাংবাদিক তথা বোকাখাত সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, প্ৰাথমিক শিক্ষক সন্মিলনিৰ সম্পাদক বিকুল শইকীয়া, গণসংগীত শিল্পী তথা প্ৰয়াসৰ উপদেষ্টা অমৰ কাকতি, বিশিষ্ট কৃতি শিক্ষক পদ্মকেশৰ চেত্ৰী, প্ৰয়াস সংগীত কলা একাডেমিৰ ৰেক্টৰ ক্ৰমে প্ৰদীপ বৰুৱা, সচিব বীৰেণ দাস,অধ্যক্ষ ড০ বৰ্ণালী বৰুৱা, ইমজাৰ জেষ্ঠ সাংবাদিক দ্বীপজ্যোতি হাজৰিকা, অসম লেখিকা সমাৰোহৰ সভাপতি সুবৰ্ণ শইকীয়া বৰদলৈ, সম্পাদিকা গীতাঞ্জলি কলিতা, কবি সন্মিলনৰ মিনতি দলে,মৃদূস্মিতা শৰ্মা, সচেতন লেখক অলকানন্দ কাকতি শিল্পী সমাজৰ ৰিন্তা পূজাৰী,মুন কলিতা ফুকন , নুমলী হাজৰিকা, ৰেনুকা ফুকন, উমাকান্ত ভৰদ্বাজকে প্ৰমূখ্য কৰি সম্বৰ্দ্ধনা ‌প্ৰদান কৰা অনুষ্ঠানৰ আদৰণি ভাষণ ৰাখে বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদে।

বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ মাজত নাট্যকাৰ সপোন জ্যোতি ঠাকুৰৰ শিশু নাট' 'ফুলে ফুলে কথা ' নাট্যকৰ্মী ভৰত চাহুৰ পৰিচালনাত ,মুকাভিনয় চিলমিল সপোনৰ পৰিচালনাত মঞ্চায়নে অনুষ্ঠানটিক এক মাত্ৰা প্ৰদান কৰে।

সদৌ শেষত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় আৰু প্ৰয়াসৰ সমূহ কৰ্মকৰ্তাৰ সমবেত সংগীতৰ দ্বাৰা সামৰণি পৰা অনুষ্ঠানৰ আঁত ধৰে শিক্ষয়িত্ৰী ইপ্সিতা দত্ত,আচিফ আহমেদ আৰু ছাত্ৰ-ছাত্ৰীৰ তৰফৰ পৰা ইংৰাজী বিভাগত তৰণজিৎ কৌৰ ,মেনকা পাটগিৰি, অসমীয়াত বিবেক দত্ত আৰু বৰ্ণালী দত্ত। শেষত অনুষ্ঠান সফলতাৰ বাবে সমূহ শিক্ষক কৰ্মচাৰীক শলাগ লৈ বক্তব্য আগবঢ়াই প্ৰতিষ্ঠাপক সোনেশ্বৰ নৰহে। তেওঁ অনুষ্ঠানৰ বৈচিত্ৰ্যতা উপভোগ কৰি কয় যে অসমীয়া জাতিয়ে জাতীয় বিদ্যালয়ৰ এনে কৰ্মসূচীৰ মাজেদি আগবাঢ়িলে জাতিক কোনেও থান বান কৰিব নোৱাৰে।

bokakhat assam