Advertisment

অসম নাট্য সন্মিলনৰ বঁটা ঘোষণা...

অহা ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ বেলশৰত অনুস্থিত হ'ব ৬৩ সংখ্যক অসম নাট্য সন্মিলনৰ অধিবেশন। এই অধিবেশনৰ মুকলি সভাত অসম ভিত্তিত কেন্দ্ৰীয় শিল্পী সম্বৰ্ধনাৰ বাবে ৭ গৰাকী শিল্পী তথা সাংস্কৃতিক সংগঠকক নিৰ্বাচিত কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
নলবাৰীত অসম নাট্য সন্মিলনৰ উদ্যোগত "নাট্য শিল্পী-নাট্য সংগঠক সন্মিলন"...

ডিজিটেল সংবাদ গুৱাহাটীঃ অহা ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ বেলশৰত অনুস্থিত হ'ব ৬৩ সংখ্যক অসম নাট্য সন্মিলনৰ অধিবেশন। এই অধিবেশনৰ মুকলি সভাত অসম ভিত্তিত কেন্দ্ৰীয় শিল্পী সম্বৰ্ধনাৰ বাবে ৭ গৰাকী শিল্পী তথা সাংস্কৃতিক সংগঠকক নিৰ্বাচিত কৰা হৈছে। 

Advertisment

নিৰ্বাচিত এই ৭ গৰাকী শিল্পী তথা সাংস্কৃতিক সংগঠকৰ ভিতৰত আছে গুৱাহাটীৰ ভৱানী প্ৰসাদ অধিকাৰী, চাৰুবালা দাস, তামুলপুৰৰ মংগল দৈমাৰী, বিজনীৰ প্ৰদীপ বায়ন, বেলশৰৰ বৰদা মেনন। এইসকলৰ উপৰিও সন্মিলনে এইবাৰ জি এল আগৰৱালা সোঁৱৰণী কলাকাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে খ্যতনামা শব্দযন্ত্ৰী শিল্পী সতীশ চৌহানক। 

তৰনী কান্ত ৰায় সোঁৱৰণী জীৱনযোৰা সাধনা বঁটা আগবঢ়োৱা হ'ব দেশৰ বিশিষ্ট নাট্য প্ৰতিভা তথা নাট পৰিচালক হিচাবে সংগীত নাটক অকাডেমী বঁটা (২০১৬) বিজয়ী ঝাৰখণ্ডৰ বিপিন কুমাৰক। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে জনাইছে এই কথা। 

অসম নাট্য সন্মিলন