প্ৰেৰণাময়ী অন্নদা শইকীয়াৰ স্মৃতিচাৰণ সভা সম্পন্ন: মৰনোত্তৰ ভাৱে মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান…

প্ৰেৰণাময়ী অন্নদা শইকীয়াৰ স্মৃতিচাৰণ সভা সম্পন্ন: মৰনোত্তৰ ভাৱে মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান…

author-image
asomiyapratidin
New Update
প্ৰেৰণাময়ী অন্নদা শইকীয়াৰ স্মৃতিচাৰণ সভা সম্পন্ন: মৰনোত্তৰ ভাৱে মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান…

ডিজিটেল সংবাদ বোকাখাতঃ সদৌ অসম লেখিকা সমাৰোহ সমিতি আৰু গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী,প্ৰেৰণাময়ী উপাধিৰে বিভুষিতা অন্নদা শইকীয়াক দেওবাৰে গোলাঘাট জিলা সাহিত্য সভা আৰু বোকাখাত পুৱতি সাহিত্য সভাই মৰনোত্তৰ ভাৱে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী শিক্ষা আৰু সাহিত্য ন্যাস বঁটা প্ৰদান কৰে।বঁটা গ্ৰহণ কৰে প্ৰয়াত অন্নদা শইকীয়াৰ জেষ্ঠ পুত্ৰ গোপীকানন্দ শইকীয়াই।

Advertisment

দেওবাৰৰ এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত পুৱা অনুষ্ঠিত হয় নাম প্ৰসংগ।প্ৰয়াত অন্নদা শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গুণধৰ বৰাই।বন্তি প্ৰজ্বলন কৰে পুৱতিৰ সভাপতি অপূৰ্ব বৰদলৈৰ, প্ৰাক্তন সভাপতি ক্ৰমে যোগেন্দ্ৰনাথ শৰ্মা,নিজৰা বৰঠাকুৰ,কল্পনা চেতিয়াই।

স্মৃতি তৰ্পণ কৰে চিদানন্দ শইকীয়া ন্যাস পৰিচালনা সমিতিৰ সভাপতি গোপীকানন্দ শইকীয়া, হৰিবোলা কালিন্দী , আনিচুৰ ৰহমান, মিনতি দলে, লীলানাথ শৰ্মা, বিনন্দ বৰুৱা, ধনীৰাম লইং, অমৰ শৰ্মা, মুহিৰাম লইং, ভদ্ৰেশ্বৰ চেতিয়া,অনুপ শৰ্মা তামুলী, অনুৰাধা বৰদলৈয়ে।

জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতি চৰণ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মহকুমাধিপতি ডা° নেহা যাদৱ, বিশিষ্ট সাংবাদিক ভৱেশ শইকীয়া,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞা, সন্ধানী লেখিকা সমাৰোহৰ সভানেত্ৰী পুতলী খাউন্দ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, চুতীয়া জাতি মহিলা সমিতিৰ সভানেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়া,ইমজাৰ সভাপতি প্ৰদীপ বৰা,কে এন এনৰ অধ্যক্ষ বদন দুৱৰা,মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্য,পুৰঞ্জয় গোস্বামী, তফজ্জুল হক বৰবৰা। সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে পুৱতিৰ সম্পাদিকা গীতাঞ্জলি কলিতাই।

আনহাতে প্ৰয়াত অন্নদা শইকীয়া লৈ আগ বঢ়োৱা পূৰ্ব ঘোষিত মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী শিক্ষা আৰু সাহিত্য ন্যাস বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই।