ভাল খবৰ! শ্ৰীলংকাত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ নতুন সঞ্চালক হ'ব অংকুৰণ দত্ত

শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে দত্তই। এই খবৰে কঢ়িয়াই আনিছে ৰাজ্য খনলৈ আশাৰ বতৰা।

author-image
Asomiya Pratidin
New Update
ভাল খবৰ! শ্ৰীলংকাত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ নতুন সঞ্চালক হ'ব অংকুৰণ দত্ত

ডিজিটেল ডেস্ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু যোগাযোগ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই নতুন দায়িত্ব লৈ যোগদান কৰিব শ্ৰীলংকাত। শ্ৰীলংকাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছে দত্তই।

Advertisment

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰণালয়ৰ অধীনত কাম কৰিব তেওঁ।ইয়াৰ পূৰ্বে ভাৰতীয় সাংস্কৃতিক পৰিষদৰ অধীনত ইণ্ডোনেচিয়াত কেন্দ্ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিশিষ্ট লিখক অৰূপ কুমাৰ দত্তই।

বিদেশত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰা দত্ত হ'ব দ্বিতীয়জন অসমীয়া। অৰূপ ৰুমাৰ দত্তই ইণ্ডোনেচিয়াত ২০০৪ চনৰ পৰা ২০০৮ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।

আৰু পঢ়ক: BCCI ৰ ডাঙৰ সিদ্ধান্ত! ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নতুন বেটিং প্ৰশিক্ষক নিযুক্তি

assam ankuran dutta gaujati university srilanka