/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/chhh.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ:-এগৰাকী স্থিতপ্ৰজ্ঞ তেওঁ। জীৱনতকৈ বিশাল তেওঁৰ ব্যক্তিত্ব।এক কথাত এটা "অনুষ্ঠান" তেওঁ।নিষ্ঠা আৰু সততাক সদায় আগস্থান দি শৈক্ষিক, সামাজিক আৰু ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে সংপৃক্ত হৈ এক বৌদ্ধিক বাতাবৰণ গঢ় দি অহাৰ ক্ষেত্ৰত আহোপুৰূষাৰ্থ কৰি আহিছে তেওঁ।গহপুৰৰ কোনটো অনুষ্ঠানৰ লগত জড়িত নাই তেওঁ??প্ৰতিটো অনুষ্ঠানৰ হিয়াৰ আমঠু স্বৰূপ তেওঁ।সভা-সমিতিত তেওঁৰ ভাষণ শুনিবলৈ আগ্ৰহেৰে ৰৈ থাকে শ্ৰোতা-দৰ্শক।কাৰণ তেওঁৰ ভাষণত প্ৰতিফলিত হয় সুস্থ সমাজ গঢ়াৰ বাস্তৱ ছবি ।
শিশুৰ পৰা আৰম্ভ কৰি নৱ-প্ৰজন্ম,আবাল বৃদ্ধ-বনিতালৈকে সকলোকে আকৰ্ষণ কৰিব পৰা ভাষণৰ মাজেদি তেওঁ গাই মানৱতাৰ জয়গান।হয! ক'ব খুজিছো গহপুৰৰ উচ্চ শিক্ষাৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ ড: অঞ্জন কুমাৰ ওজাৰ কথা।সুদীৰ্ঘ ১৭ বছৰ ৪ মাহ অধ্যক্ষৰ আসন অলংকৃত কৰি নিখুঁত কাৰ্য্য পৰিচালনাৰে ছয়দুৱাৰ মহাবিদ্যালয়খনক উচ্চ শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আন্তৰিকতাপূৰ্ণ শৈক্ষিক সেৱা আগবঢ়োৱা ড: ওজাৰ কৰ্মময় জীৱনৰ আজি অন্তিম দিন।
সুদীৰ্ঘ ১৭ বছৰ ৪ মহীয়া পৰিক্ৰমাত প্ৰতিটো পল মহাবিদ্যালয়খনৰ প্ৰতি উৎসৰ্গা কৰা ড: ওজাই তেওঁৰ কাৰ্য্যকালত মহাবিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন কৰি সুস্থ বিদ্যায়তনিক পৰিৱেশ এটা নিৰ্মাণ কৰি তোলাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট সফল হৈছে।তেওঁৰ কাৰ্য্যকালত ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ বাহিৰে-ভিতৰে একো চেকা পৰিবলৈ নিদিয়াকৈ ৰাখিব পৰাতো তেওঁৰ প্ৰশাসনিক দক্ষতাৰ এক বিৰল কৃতিত্ব।
বিদ্যাৰ মন্দিৰত প্ৰজ্ঞাৰ বন্তি জ্বলাই গহপুৰৰ দশোদিশ জ্ঞানৰ আলোকেৰে আলোকিত কৰি তোলা সকলোৰে শ্ৰদ্ধাৰ ড: অঞ্জন কুমাৰ ওজাৰ অনাগত জীৱনটো যাতে সুখ- সমৃদ্ধিৰে ভৰপূৰ হয় তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে গহপুৰৰ শিক্ষানুৰাগী ৰাইজে।এটা সমৰ্পিত মন লৈ মহাবিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত নিষ্ঠা, সততা আৰু নিয়মানুবৰ্তিতাৰে সুদীৰ্ঘ দিন শৈক্ষিক সেৱা আগবঢ়োৱা ড: অঞ্জন কুমাৰ ওজাৰ বিদায় বেলাত চকুলো টুকিছে শিক্ষক আৰু ছাত্ৰ সমাজে।