/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/04fdd77a-7afd-45f5-a58e-b3b567a3b6ff/anima.jpg)
ডিজিটেল ডেস্কঃ যোৱা ৬ ছেপ্তেম্বৰ মঙলবাৰে নিশা ১১-৩০ বজাত গুৱাহাটী চেনীকুঠীৰ ধৰ্মপ্ৰাণ মহিলা তথা আকাশবাণী গুৱাহাটীৰ শিল্পী অণিমা শৰ্মাৰ আকস্মিক বিয়োগ হয়। মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স হৈছিল ৯০ বছৰ।
বিশিষ্ট অৰ্থনীতিবিদ,অধ্যাপক প্ৰয়াত পৰমেশ্বৰ শৰ্মাৰ সহধৰ্মিনী অণিমা শৰ্মাই ২০ খনতকৈও অধিক দেশ ভ্ৰমণ কৰিছিল। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পুত্ৰ আন্তঃৰাষ্ট্ৰীয় নদী বিশেষজ্ঞ ড০ নয়ন শৰ্মা,কন্যা কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা তথা অসম লোকসেৱা আয়োগৰ সদস্যা ড০ পদ্মা শৰ্মা আৰু ডা০ হৃদয়ানন্দ গোস্বামী, স্মৃতি শৰ্মাৰ শাহু অণিমা শৰ্মাই বহু কেইগৰাকী নাতি-নাতিনী এৰি থৈ যায়। তেখেতৰ মৃত্য়ুত জন্মস্থান গোলাঘাটত শোকৰ ছাঁ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us