মূল্যবৃদ্ধি সন্দৰ্ভত আঙুৰলতাৰ প্ৰতিক্ৰিয়া…

মূল্যবৃদ্ধি সন্দৰ্ভত আঙুৰলতাৰ প্ৰতিক্ৰিয়া…

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধি সন্দৰ্ভত আঙুৰলতাৰ প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ,কলিয়াবৰ: ইন্ধনজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি নেত্ৰী আঙুৰলতা ডেকাই। কলিয়াবৰৰ মিছা মিলন সংঘ প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত বিজেপি মহিলা কোষৰ জিলা পৰ্যায়ৰ এখন কাৰ্যনিৰ্বাহ সভাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নেত্ৰী গৰাকীয়ে বিশেষ মন্তব্য কৰে।

Advertisment

শেহতীয়াকৈ বিদ্যুৎ মাছুল, ইন্ধন জাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি পোৱাত সৰ্বসাধাৰণ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিব লগা হোৱাত হিতাধিকাৰী সৃষ্টিৰ প্ৰসংগহে উল্লেখ কৰিলে আঙুৰলতা ডেকাই। তেওঁ কয় যে "মূল্যবৃদ্ধি সম্পৰ্কে মোৰ বিশেষ কবলগীয়া নাই কাৰণ মুখ্যমন্ত্ৰী মহোদয়, সভাপতিয়ে স্পষ্টীকৰণ দি আহিছে। মহিলা হিচাপে ক'ব বিচাৰো যে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হ'লে মোৰ অলপ দুখ লাগিবষ কিন্তু ৰন্ধন গেছৰ বাবে চৰকাৰক বেয়া বুলিব নোৱাৰি। কিয়নো কমিবই দাম।সমস্যা বোৰ আহে আকৌ কমে"।

assam koliabor