বকোত শিক্ষা বিভাগৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ ক্ষোভ

author-image
Asomiya Pratidin
New Update
বকোত শিক্ষা বিভাগৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ ক্ষোভ

নিৰ্মল কলিতা

ডিজিটেল সংবাদ, বকো : বকোত ৰাইজৰ শিক্ষা বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ । যোৱা ১৪ বছৰে এখন বিদ্যালয়ত বিনা বেতনে সেৱা আগবঢ়াই থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিৰ্মল কলিতাক চাকৰিৰ পৰা বঞ্চিত কৰি আবিদুৰ আলী নামৰ আন এগৰাকীক শিক্ষা বিভাগে নিযুক্তি প্ৰদান কৰাক লৈ ৰাইজৰ এই ক্ষোভ ।

ত্ৰিলোচন আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত যোৱা ২০০৯ ইংবৰ্ষৰ পৰা নিৰ্মল কলিতাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াই আহিছে । নিৰ্মল কলিতাৰ ঠাইত আবিদুৰ আলী নামৰ আন এগৰাকী লোকক শিক্ষা বিভাগে নিযুক্তি দিয়াত ৰাইজ ক্ষোভিত হৈ সোমাবাৰে বিদ্যালয়খনত আবিদুৰ আলীক চাকৰিত যোগদান কৰিব নিদি ওভোটাই পঠিয়াই ।

assam BOKO education department of assam