বটদ্ৰৱা ক্ষেত্ৰীগাঁৱত অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা শিৱামণি বৰাই…

বটদ্ৰৱা ক্ষেত্ৰীগাঁৱত অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা শিৱামণি বৰাই…

author-image
asomiyapratidin
New Update
বটদ্ৰৱা ক্ষেত্ৰীগাঁৱত অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা শিৱামণি বৰাই…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ক্ষেত্ৰীগাঁৱৰ টুকুৰাবাহী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই। খাগৰিজান শিশু উন্নয়ন প্ৰকল্পৰ অন্তগত ক্ষেত্ৰীগাঁৱৰ টুকুৰাবাহী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোৰ সমাজ কল্যান বিভাগৰ অধীনত ২৫ লাখ টকাৰ ব্যয়ৰে নিৰ্মান হ'ব।

Advertisment

আধাৰশিলা স্থাপন কৰি বিধায়িকা শিৱামণি বৰাই কয় যে "যিহেতু প্ৰাথমিক শিক্ষা সমূহ অংগনবাড়ী কেন্দ্ৰৰ লগত জড়িত হ'ব সেইবাবেই এই কেন্দ্ৰত সকলো ধৰণৰ সুবিধাৰ থকাৰ লগতে এখন ফলৰ বাগান আৰু গৰ্ভাৱতী মহিলা সকলৰ বাবে এটা সুকীয়া কোঠালি থাকিব" বুলি জানিবলৈ দিয়েে। অনুষ্ঠানটোত খাগৰিজান শিশু উন্নয়ন প্ৰকল্পত বিষয়ববীয়া, কৰ্মী সকলৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে।

আৰু পঢ়ক: মৰিয়নিত নদীত গা ধুবলৈ গৈ নিখোজ যুৱক

assam batadrava