ৰঙিয়াত অংগনবাদী কৰ্মী-সহায়কাৰীৰ প্ৰতিবাদ

ৰঙিয়াত অংগনবাদী কৰ্মী-সহায়কাৰীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত সোমবাৰে অংগনবাদী কৰ্মী-সহায়কাৰীসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় । কমলপুৰ ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অংগনবাদী কৰ্মী-সহায়কাৰীসকলে নিজৰ প্ৰাপ্য মজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

দীৰ্ঘদিন ধৰি প্ৰাপ্য মজুৰি বিচাৰি দাবী জনাই আহিছিল ৰাজ্য চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ এই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব লগা হয় বুলি অংগনবাদী কৰ্মী-সহায়কাৰীসকলে জানিবলৈ দিয়ে । নিজৰ দাবী পূৰণৰ বাবে চৰকাৰক অতি শীঘ্ৰে অংগনবাদী কৰ্মী-সহায়কাৰীসকলে আহ্বান জনায় । অন্যথা ইয়াতকৈও ২৬ ফেব্ৰুৱাৰীত দিছপুৰত প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে ।

ৰঙিয়াত অংগনবাদী কৰ্মী-সহায়কাৰীৰ প্ৰতিবাদ
উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভতিজাকক নকল যোগান কাছাৰ কলেজৰ অধ্যক্ষৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in