জামুগুৰিহাটত অংগনবাড়ী কৰ্মী সহায়িকাৰ অসহযোগ আন্দোলন

এইক্ষেত্ৰত নদুৱাৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰাজ্য চৰকাৰখনক সমালোচনা কৰি কয় যে বিত্তমন্ত্ৰীগৰাকীয়ে যোৱা বাজেটৰ পূৰ্বে আমাক আন্দোলনৰ পৰা বিৰত থাকিবলৈ কৈ দৰমহা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰিছিল ৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত অংগনবাড়ী কৰ্মী সহায়িকাৰ অসহযোগ আন্দোলন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ নদুৱাৰ শিশু প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত যোৱ ১৫ ফেব্ৰুৱাৰীৰ পৰা বৃহত্তৰ জামুগুৰিহাটৰ অংগনবাড়ী কেন্দ্ৰ সমূহৰ কৰ্মী সহায়িকাসকলে তেওঁলোকৰ দৰমহাৰ বৃদ্ধিৰ দাবীৰে চলোৱা আন্দোলনৰ কাৰ্য্যসুচী আজিও অব্যাহত আছে ৷

Advertisment

এইক্ষেত্ৰত নদুৱাৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰাজ্য চৰকাৰখনক সমালোচনা কৰি কয় যে বিত্তমন্ত্ৰীগৰাকীয়ে যোৱা বাজেটৰ পূৰ্বে আমাক আন্দোলনৰ পৰা বিৰত থাকিবলৈ কৈ দৰমহা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু যোৱা বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কথাটো উল্লেখ নকৰি চৰম প্ৰতাৰণাহে কৰিলে। যোৱা দুদিন ধৰি আমাৰ কৰ্মী-সহায়িকাসকলে তেওঁলোকৰ প্ৰাপ্যৰ বাবে কৰা অসহযোগ আন্দোলনৰ কাৰ্য্যসুচীত নদুৱাৰ শিশু প্ৰকল্পৰ বিষয়াগৰাকীয়ে কৰ্মী সহায়িকাসকলৰ ওচৰলৈ আহি কোনোধৰনৰ আশ্বাস প্ৰদান নকৰাত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ প্ৰতি বিষয়াগৰাকীৰ কোনো অনুকম্পা নাই বুলি আক্ষেপ প্ৰকাশ কৰিবলৈ বাধ্য হৈছো- বুলি উল্লেখ কৰে।

Also Read: নগাঁও জিলাৰ শেনছোৱাত পথাৰ দিৱস আয়োজন

anganbari jamugurihaat