‘অনাতাঁৰ নাট সমগ্র’ শীৰ্ষক গ্রন্থ উন্মোচন

‘অনাতাঁৰ নাট সমগ্র’ শীৰ্ষক গ্রন্থ উন্মোচন

ডিজিটেল ডেস্কঃ মহানগৰীৰ উজানবজাৰত দেৰগাঁৱৰ নাট্য চৰ্চা কেন্দ্রৰ উদ্যোগত মঙলবাৰে অনুষ্ঠিত হয় এক গ্রন্থ উন্মোচনী সভা। এই সভাত উন্মোচন হয় বিশিষ্ট নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ ‘অনাতাঁৰ নাট সমগ্র’ শীৰ্ষক গ্রন্থখন।

গ্রন্থখন উন্মোচন কৰে বিশিষ্ট আবৃতিকাৰ অবণী বৰা আৰু ডাঃ শান্ত্বনা বৰদলৈয়ে। নয়ন প্রসাদে আঁত ধৰা গ্রন্থখন প্রকাশ কৰিছে দেৰগাঁৱৰ গ্রাছ পাব্লিকেশ্যনে। উন্মোচনী সভাখনত উপস্থিত থাকে জ্যেষ্ঠ অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য, ড০ পৰমানন্দ মজুমদাৰ, উৎপল বৰপূজাৰী, সঞ্জীৱ সভাপণ্ডিতকে ধৰি গৰিষ্ঠসংখ্যক বিশিষ্ট ব্যক্তি।

গ্রন্থখনত নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ কলেজীয়া জীৱনৰ পৰা বৰ্তমানলৈ প্রকাশ পোৱা ৩৮খন নাটকে স্থান পাইছে। গ্রাম্য জীৱনৰ পটভূমিত ৰচিত হোৱা বহুকেইখন জনপ্রিয় নাটকৰ বহু চৰিত্র সুন্দৰ ৰূপত পৰিৰ্স্ফুত হৈছে। গ্রন্থখনৰ দাম নিৰ্ধাৰণ কৰা হৈছে ১৬০০ টকা। পঢ়ুৱৈ সমাজে গ্রন্থখন আদৰি ল’ব বুলি আশাবাদী লেখক তথা প্রকাশক।

‘অনাতাঁৰ নাট সমগ্র’ শীৰ্ষক গ্রন্থ উন্মোচন
পদ্মবিভূষণ ওস্তাদ ৰছিদ খান আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in