/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e2935e99-ed60-4e1a-86ef-b929cf5d8302/ALLEN_08.jpg)
ALLEN GUWAHATI ALLEN GUWAHATI
ডিজিটেল ডেস্কঃ ৰাজ্যত তীব্ৰ ৰূপত চলি আছে মাধ্যম বিতৰ্ক। অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ত সফলতা লাভ কৰিব নোৱাৰে বুলি কৈ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু গণিত বিষয়ক ইংৰাজী ভাষাত শিকোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। যাক লৈ ৰাজ্য জুৰি সৃষ্টি হৈছে বিতৰ্ক ।
এনে মাধ্যম বিতৰ্কৰ মাজতে ঘোষণা হোৱা NEET পৰীক্ষাৰ ফলাফলে যেন গোটেই বিতৰ্কটোৰে সমাধান আগবঢ়ালে। অসমৰ অনন্যা মেধীয়ে লাভ কৰা সফলতাই প্ৰমাণ কৰিলে মাধ্যম কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে।
অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী অনন্যা মেধীয়ে শেহতীয়াকৈ ঘোষণা কৰা NEET পৰীক্ষাত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰীৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত অসমীয়া মাধ্যমতে স্কুলীয়া সমাপ্ত কৰা অনন্যাই উচ্চ মাধ্যমিকতো ৰাজ্যৰ ভিতৰতে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছিল।
এইগৰাকী মেধাৱী ছাত্ৰীয়ে লাভ কৰা সফলতাত উৎফুল্লিতৈ হৈ পৰিছে অসম জাতীয় বিদ্যালয়ৰ পৰিয়াল। উল্লেখ্যে যে অনন্যা মেধী অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যান মেধীৰ কন্যা। ইয়াৰ পূৰ্বে ঘনশ্যাম মেধীৰ আন এগৰাকী কন্যায়েও অসম জাতীয় বিদ্যালয়ত অসমীয়া মাধ্য়মতে অধ্যয়ন কৰি নীট পৰীক্ষাত সফলতা লাভ কৰিছিল।
অনন্যাই সদ্য ঘোষিত ফলাফলত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰীৰ ভিতৰতে শীৰ্ষস্থান দখল কৰাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত ২০৫ সংখ্যক স্থান দখল কৰিছে। অসমীয়া মাধ্যমত অধ্যয়ন কৰি এইদৰে অনন্যাই লাভ কৰা সফলতাই এতিয়া মাধ্যম যে কেতিয়াও সফলতা প্ৰাপ্তিৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে সেই কথাক প্ৰমাণ কৰিলে।
উল্লেখ্য যে অনন্যা মেধীয়ে গুৱাহাটীৰ জি এছ ৰোডস্থিত এলেন কোচিং চেণ্টাৰত NEETৰ বাবে প্ৰস্তুতি চলাইছিল। মুঠ ৭০০ নম্বৰৰ ভিতৰত অনন্যাই লাভ কৰিছে ৬৯৪ নম্বৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2be4d86f-8b5c-4052-bff3-cefe295849b6/1c061161_4cd5_4325_9817_7f201e849c1a.jpg)
এলেন গুৱাহাটীৰ পৰা এইবাৰ মুঠ ৬৯ গৰাকী শিক্ষাৰ্থীয়ে এই কঠিন পৰীক্ষাত সফলতা অৰ্জন কৰিছে। এই ৬৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৭ গৰাকীয়ে ৬৫০ ৰো অধিক নম্বৰ লাভ কৰাৰ লগতে ২৪ গৰাকীয়ে ৬০০ ৰো অধিক নম্বৰৰ লগতে ৩৮ গৰাকী শিক্ষাৰ্থীয়ে ৫৫০ ৰো অধিক নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত সফলতা লাভ কৰিছে।